When was google founded in Assamese | গুগলৰ আৱিস্কাৰ কোনে কৰিছিল ? | Google কি আৰু ইয়াক কোনে বনাইছে ? | AssameseNe.blogspot.com

When was google founded in Assamese | গুগলৰ আৱিস্কাৰ কোনে কৰিছিল ?  | Google নো কি হয় আৰু ইয়াক কোনে বনাইছে ? |  what is google + all about in Assamese | who is the real owner of google | brief history of google in Assamese | what is google definition in Assamese |  AssameseNe.blogspot.com


Google নো কি হয় আৰু ইয়াক কোনে বনাইছে ?



আপোনালোকৰ কিমানে গম পাই যে Google কি হয় ? আজিৰ পৰা যদি প্ৰায় ১৫ ৰ পৰা ২০ বছৰ যদি পিছুৱাই যাওঁ, তেতিয়া যদিওঁবা ইন্টাৰনেট আছিল কিন্তু ইন্টাৰনেটত  Information (তথ্য-পাতি) বহু কমসংখ্যক আছিল ৷ Information সমূহ মানুহৰ ওচৰত আছিল কিন্তু সেই Information সমূহ ইন্টাৰনেটত ইমান বেছি নাছিল ৷ আজিৰ সময়ত যেনেকৈ আপুনি বহুসংখ্যক তথ্য বা খবৰ জানিবৰ বাবে ইন্টাৰনেটত বিচাৰে, ঠিক তেনেদৰে ১০ ৰ পৰা ১৫ বছৰ আগত মানুহে কিতাপ বা অন্য কোনো ব্যক্তিক সুধি তথ্য সমূহৰ বিষয়ে জ্ঞান আয়ত্ত কৰিছিল ৷ 



কিন্তু সেই সময়ত অন্য কাৰোবাক সুধি জ্ঞান আয়ত্ত কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হৈছিল ৷ ইয়াৰ লগতে তেতিয়া যদিও কিছুসংখ্যক website আছিল কিন্তু কোনটো website ত কোনটো তথ্য শুদ্ধ গম পোৱাত, বা অতি শিঘ্ৰেই কোনো তথ্য ইন্টাৰনেটৰ পৰা লাভ কৰাত নানান সমস্যা আছিল ৷ 



লগে লগেই সেই সময়ত দুজন  যুৱকে সেই সমস্যাৰ সমাধান কৰিলে ৷ Google ৰ জৰিয়তে তেওঁলোকে সমস্যাৰ সমাধান  লৈ আহিল ৷ কোন সেই যুৱক দুজন, Google কি হয়,  কোনে বনালে আৰু Google ৰ আৰম্ভণি কেনেকৈ হল, লগতে অন্য কিছু তথ্যৰ জানকাৰী আপোনালোকক দিম, তেন্তে বলক আৰম্ভ কৰো ৷ 




গুগল কি হয় - What is Google in Assamese



গুগল আমেৰিকাৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানী (Multinational Company) হয় , যিয়ে ইন্টাৰনেট চাৰ্চ (search), ক্লাউড কম্পুটিং(cloud computing) আৰু বিজ্ঞাপন সংস্থা সমূহত পইছা লগাই ৷ 



গুগল বিশ্বৰ সবাতোকৈ ডাঙৰ Search engine হয় ৷ ইয়াত যদি আপুনি যিকোনো বিষয়ে Search কৰে নিশ্চয়কৈ আপুনি সেই বিষয়ে পাব ৷  সচৰাচৰতো কোনোৱে নাভাৱে যে গুগল এটা Multinational Company হয়, লগতে Search Engine ৰ লগতে ইয়াৰ অন্যান্য আৰু কিছুমান ব্যৱসায় (business)আছে ৷ যেনে Internet Analytics, Cloud Computing আদিৰ দ্বাৰা সেৱা (service) প্ৰদান কৰে ৷ 



উদাহৰণস্বৰুপে আপুনি Google Driveৰ ব্যৱহাৰ কৰে, বিজ্ঞাপন সেৱা, application (Play Store ৰ পৰা যিবিলাক application বা apps download কৰে), আনহাতে ইয়াৰ Chrome নামৰ নিজৰে browser আছে আৰু নিজৰে Operating System (Android) আছে ৷ এই সকলোবোৰৰ দ্বাৰাই Google য়ে নিজৰ Income কৰে ৷ 



২০১৬ চনত গুগলে নিজৰ ৰুচি Mobile Industry ৰ ওপৰত দেখুৱালে আৰু এটা নতুন মবাইল বজাৰলৈ লৈ আহিলে, যাৰ নাম হল Google Pixel . যিয়ে বিশ্বৰ বজাৰত আলোড়নৰ সৃষ্টি কৰিলে ৷ ইয়াৰ লগতে গুগৰ  Map, e-mail আৰু ২০টাত কৈয়ো অধিক Product পৃথিৱীত আছে যাৰ বিষয়ে আজি আপোনালোকক আগলৈ জনাম ৷ 



এই কোম্পানীৰ Income বা আয়ৰ বিষয়ে যদি আপুনি গম পাই, আপুনি আচৰিত হৈ যাব ৷ তথাপিও জানি লওক যে এদিনত গুগলে $ 1 Million US Dollar Income কৰে ৷ যাৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ৬,৮৫,২২,৫০,০০০ টকা হব ৷ Google ৰ ইতিহাসৰ বিষয়ে আপুনি জানিবলৈ বিচাৰিবনে ? তেন্তে বলক ইয়াৰ ইতিহাসৰ বিষয়ে জানি লও ৷



গুগল নামটো কেনেকৈ বাছনি কৰা  হল ?


Edward Kasner আৰু James Newman ৰ দ্বাৰা লিখা কিতাপ Mathematics and Imagination ত লিখা শব্দ googol ৰ দ্বাৰা প্ৰভাৱিত হৈ Larry Page আৰু Sergey Brian য়ে নিজৰ search engine ৰ নাম বাছনি কৰিছিল ৷ Googol ৰ অৰ্থ হল ১ৰ পিছত ১০০টা শূন্য বা zero .




গুগলৰ ইতিহাস - History of Google in Assamese



চাবলৈ গলে আজি Google কৌটি কৌটি টকাৰ company হয় ৷ যিয়ে Oxford Dictionary ত নিজৰ ঠাই দখল কৰি লৈছে ৷ 



গুগলৰ আৱিস্কাৰ কোনে কৰিছিল ?


গুগলক বনাওতে দুজন PHD Students ৰ হাত আছিল ৷ যাৰ নাম আছিল Sergey Brin আৰু Larry Page আৰু দুয়ো Stanford University, California ৰ ছাত্ৰ আছিল ৷ ১৯৯৫ চনত সেই বিশ্ববিদ্যালয়তে দুয়োজনে লগলাগি তাৰ পৰাই এই Google search engine ৰ আৰম্ভণি কৰিছিল ৷ 



১৯৯৬ চনত Sergey Brin আৰু Larry Page য়ে যেতিয়া PHD ৰ অধ্যয়ন কৰি আছিল, তেতিয়া PHD ৰ reSearch project ৰ বাবে অলপ বেলেগ ধৰণে কৰিবলৈ চিন্তা কৰিলে ৷ তেওঁলোকৰ সেই চিন্তা আছিল যে "যদি আমি Website টোক Rank কৰো অন্য Websiter ৰ লগত তুলনা কৰি তেন্তে বহুত ভাল হব ৷ সেই সময়ত তেওঁলোকৰ Rank কৰাৰ পদ্ধতিটো আছিল যে যিমানবাৰে  Search কৰা শব্দটো সেই webpage ত থাকিব সেই হিচাপে সি Rank কৰিব আৰু সেই কল্পনাৰ বৰ্তমানৰ ৰূপ হল আজিৰ Google . আৰম্ভণিতে তেওঁলোকে তাৰ নাম ৰাখিছিল BACKRUB বুলি ৷



১৯৯৭ ত তেওঁলোক দুয়োজনে Search Engine ৰ নাম "Google" ৰাখিলে যিটো আচলতে "Googol" য়ে হয় ৷ এইটো এটা Mathematical শব্দ হয় আৰু Google শব্দটোৰ সৃষ্টি হল Googol শব্দটো ভূলকৈ লিখাৰ কাৰণে ৷ এইটো এটা আজৱ সত্য কথা ৷ Googol ৰ অৰ্থ হল ১ৰ পিছত ১০০টা zero .



১৯৯৮ চনতে Google ৰ প্ৰথম doodle homepage বনোৱা হৈছিল ৷ কিন্তু বৰ্তমান Google য়ে গোটেই পৃথিৱীতে প্ৰায় ২০০০ত কৈয়ো অধিক doodle homepage সলনি কৰে আৰু এতিয়াৰ সময়ত doodle ৰ এটা team(দল) আছে ৷ 



২০০০ চনত AdWords ৰ আৰম্ভণি ঘটিল আৰু এতিয়া Google Online Advertisementৰ সেৱা প্ৰদানকাৰী বিশ্বৰ সকলোতকৈ ডাঙৰ company হয় ৷ যিয়ে ডাঙৰ ডাঙৰ ব্যৱসায়ক সফলতা প্ৰদান কৰিছে ৷ গুগলে text ad, Video ad আৰু mobile ad ৰ সেৱা প্ৰদান কৰে আৰু এই সেৱাৰ বিনিময়ত তেওঁলোকে পইছা লয় ৷ 



২০০৪ চনৰ April Fool ৰ দিনা Google Companyয়ে Gmail ক Launch কৰিছিল ৷ ইয়াৰ লগতে Gmail Data Store কৰাৰ বাবে বহুসংখ্যক Space(ঠাই) প্ৰদান কৰিছিল আৰু বৰ্তমান সময়ত আৰু অধিক space প্ৰদান কৰি আহিছে ৷ 



Google য়ে ২০০৪-০৫ চনত Map বনোৱা এটা Company Keyhole ক কিনি লৈছিল আৰু আজিৰ সময়ত সেই Map Company টোক Google Map নামেৰে জনা যায় ৷ যাৰ জৰিয়তে আমি ঘৰত বহিয়েই পথ সমূহ দেখুৱাবৰ বাবে, নতুন ঠাইৰ জানকাৰী প্ৰদান কৰাৰ বাবে আৰু earth Appৰ জৰিয়তে 360 Degree View চাব পাৰো ৷ 



২০০৬ চনত এই Company টোৱে এটা বহুতে মূল্যৱান Video Sharing Website YouTube ক কিনি ললে ৷ এতিয়াৰ সময়ত প্ৰায় ৬০ ঘন্টা সময়ৰ দৈৰ্ঘ্যৰ Video প্ৰতি এক মিনিটত YouTube ত  upload হৈ আছে ৷ 



২০০৭ চনত Google য়ে Android ক কিনি ললে আৰু বৰ্তমান সময়ত "Android" mobile device ৰ সবাতোকৈ ভাল operating system হয় ৷ 



২০০৮ চনত Google ৰ নিজা browser "chrome" ক বজাৰলৈ আনিলে, আনুষ্ঠানিকভাৱে ইয়াক মুকলি কৰে ২০০৮ চনৰ ২ ছেপ্তেম্বৰ তাৰিখে ৷ এইটো সকলোৱে পচন্দ কৰা এটা browser. 



২০১১ চনত Larry Page Google ৰ নতুন CEO ৰূপ অধিস্থিত হল, ইয়াৰ আগত Eric Schmid গুগলৰ SEO আছিল, তেওঁ এতিয়া alphabet ৰ  executive chairman হয় ৷



২০১১ চনতে Google+ project ৰ আৰম্ভণি ঘটিছিল ৷ ইয়াৰ Real life sharing feature আছিল ৷ যেনে Facebook, Twitter



২০১২ চনত Android 4.1 jelly bean ৰ আপডেট আহিল ৷ Google nexus 7 tablet ক মুকলি কৰা হৈছিল ৷ 



জুলাই ৯, ২০১২ চনত Google Now আৰু Google Voice Search Feature ৰ আৰম্ভণি হৈছিল ৷ এতিয়া এইটো Google Assistant ৰূপত সলনি হল ৷



২০১৩ চনত Google Glass বজাৰলৈ আহিল ৷ যত চচমাৰ জৰিয়তে আপুনি mobile চলাব পাৰিব ৷ 



২০১৫ ত Google VR HEAD SET ৰ আৰম্ভণি ঘটিছিল ৷ বৰ্তমান সময়ত ই বহু লোকপ্ৰিয় ৷



২০১৬ চনত Google Loon Project ৰ আৰম্ভণি ঘটিল, যাৰ জৰিয়তে যত যত internet ৰ সুবিধা উপলব্ধ হোৱা নাছিল সেইবোৰ ঠাইতো Internet ৰ সুবিধা উপলব্ধ হল ৷ আনহাতে এই বছৰতে Google ৰ প্ৰথমতো mobile ফোন Pixel Launch কৰা হৈছিল ৷



Google Home ৰ আৰম্ভণিয়ো এই বছৰতে হৈছিল ৷ যাৰ জৰিয়তে আপুনি ঘৰত বহিয়েই Electronic Device সমূহ মুখেৰে কথা কৈ চলাব পাৰিব বা voice command ৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব ৷ লগতে কিছু কিছু প্ৰশ্নৰ উত্তৰো লাভ কৰিব পাৰি ৷



২০১৭ চনত Google ৰ Google i/o ত Google.ai ক Launch কৰা হৈছিল, যত আপুনি AI Tools লাভ কৰিব আৰু ইয়াৰ লগতে Google Lens ৰ আৰম্ভণি হল ৷ যাৰ জৰিয়তে আপুনি যিকোনো এখন ফটোৰ দ্বাৰাই গম পাব যে এই ফটোখন কি বা কিহৰ বিষয়ে আছে ফটোখনত ?




এতিয়ালৈ এইখিনিয়ে আছিল  Google ৰ ইতিহাস, লগতে আগলৈয়ো Google চলিয়ে থাকিব ৷ তেন্তে আগলৈকে গম পাম যে Google আৰু কি কি নতুন নতুন আৱিষ্কাৰ আমাৰ মাজলৈ লৈ আহে ৷ 




Google Full Form in Assamese



Google ৰ Full Form হল - "GLOBAL ORGANIZATION OF ORIENTED GROUP LANGUAGE OF EARTH"




গুগলৰ স্বত্বাধিকাৰী বা মালিক কোন ?


গুগল কোম্পানীৰ মালিক বা স্বত্বাধিকাৰীৰ নাম নাম হল Larry Page আৰু Sergey Brin.




গুগলৰ CEO কোন হয় ?


গুগলৰ CEO হল Sunder Pichai যিজন এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি হয় ৷ এইটো সছাকৈয়ে আমাৰ বাবে গৌৰৱৰ বিষয় যে এগৰাকী ভাৰতীয় ব্যক্তি পৃথিৱীৰ সকলোতকৈ ডাঙৰ Internet Company গুগলৰ CEO হয় ৷



আপোনাৰ জ্ঞাতাৰ্থে জনাও যে সুন্দৰ পিচাই প্ৰতি বছৰে প্ৰায় ১২০০ ৰ পৰা ১৩০০ কৌটি টকা দৰমহা পায় ৷




গুগল কোনখন দেশৰ কোম্পানী হয় ?


গুগল আমেৰিকাৰ এটা কোম্পানী হয়, যিটো ইয়াৰ ৰাজ্য কেলিফৰ্ণিয়াত অৱস্থিত ৷ গুগলৰ শাখা (branches) বহু দেশত আছে আৰু ইয়াৰ ভিতৰত ভাৰতবৰ্ষয়ো অন্তৰভূক্ত আছে ৷ 




Google ৰ অন্য কিছুমান Products


ইয়াত আপোনালোকে গম পাব যে Google ৰ আৰু কি কি Products আছে ৷ সেই Products সমূহৰ কামৰ বিষয়ে আৰু সেইবোৰ কি কি কামত ব্যৱহাৰ কৰা হয়, এইবোৰৰ বিষয়ে এটা এটাকৈ জানি লও আহক ৷


Search- ইয়াৰ ব্যৱহাৰ প্ৰত্যেক users বা উপভোক্তাই  কৰে ৷ ইয়াৰ সহায়ত আপুনি Google ত যিকোনো বিষয়ৰ বিষয়ে বিচাৰিব বা Search কৰিব পাৰিব ৷


Android - এইটো হল পৃথিৱীত সকলোতকৈ অধিক ব্যৱহাৰ হোৱা mobile OS (Operating System) . প্ৰত্যেকৰে হাততে আপুনি এইটো দেখিবলৈ পাব ৷


Chrome Browser- সকলো device ৰ বাবে ই এটা এনেকুৱা Browser হয় যি fast, simple আৰু secure browser হয় ৷


Blogger- আপুনি আপোনাৰ নিজৰ BLOG বনাব পাৰে ৷ যি একেবাৰে free service হয় আৰু ইয়াত আপুনি আপোনাৰ thoughts সমূহ মানুহৰ আগত প্ৰকাশ কৰিব পাৰে ৷ 



ChromeOS- এইটো Laptop আৰু Computer ৰ বাবে Operating System.



Gmail- electronic e-mail সেৱা ৷ ইয়াৰ দ্বাৰাই আপুনি আপোনাৰ বাৰ্তা সমূহ e-format ত পঠাব পাৰিব ৷


Chromecast- ইয়াত অতি সহজতে আপুনি Stream কৰিব পাৰিব movies, music ৰ লগতে আৰু বহুতো আপোনাৰ phone ৰ পৰা TV লৈ ৷ 



Google+ - এইটো এটা social website হয় ৷ যাক Google ৰ দ্বাৰা বনোৱা হৈছিল ৷ কিন্তু এইটো বৰ্তমান Google ৰ দ্বাৰা বন্ধ কৰি দিয়া হৈছে ৷



Google Pay- নিজৰ পইছা কৰবালৈ পঠোৱাৰ বাবে  Google Pay হল সকলোতকৈ সহজ পদ্ধতি ৷ 


Books - যত আপুনি বিভিন্ন প্ৰকাৰৰ কিতাপ পঢ়িবলৈ পাব e-format ৰ ৰূপত ৷ 


Calendar- আপোনাৰ দৈনন্দিনৰ সময়সূচী যেনে আপুনি দিনটোত কি কি কৰিব বিচাৰে বা কাৰোবাৰ লগত meeting কৰিব লগা আছে, এই সকলোবোৰ তথ্য আপুনি ইয়াত store কৰি ৰাখিব পাৰে ৷ আপোনাৰ বন্ধু-বান্ধৱৰ লগত Event আদিয়ো Share কৰিব পাৰিব ৷



Contact- আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ address আৰু numbers সমূহ একেলগে ৰাখিবৰ বাবে আপুনি এইবোৰক synchronize কৰিব পাৰে যিকোনো device ত ৷



Docs- Microsoft Office Document সমূহ Online খোলাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় ৷ যেনে Word, xl, txt.



Google Drive- যত আপুনি আপোনাৰ Data সমূহ ৰাখিব পাৰে আৰু যেতিয়াই বিচাৰে তেতিয়াই Data সমূহ Download কৰিব পাৰিব ৷



Earth- ইয়াৰ জৰিয়তে আপুনি গোটেই পৃথিৱী ভ্ৰমণ কৰিব পাৰিব ঘৰত বহিয়েই ৷ 



Image- যত আপুনি যিকোনো ফটো Search কৰিব পাৰিব ৷



Keep- ইয়াত আপুনি আপোনাৰ চিন্তাধাৰা সমূহ notes, list আৰু voice memos ৰ আকাৰত ৰাখিব পাৰিব আৰু যিকোনো ঠাইৰ পৰা তাক access কৰিব পাৰিব ৷



Maps- এইটো এনে এটা App হয় যত আপুনি যিকোনো ঠাইৰ বিষয়ে অতি সহজতে Search  কৰিব পাৰিব আৰু জানিব পাৰিব সেই ঠাইলৈ যোৱাৰ বাবে সঠিক ৰাস্তা কোনটো  বিচাৰিব পাৰিব ৷



Google Ads- আপুনি ইয়াত আপুনি আপোনাৰ products ৰ বাবে বিজ্ঞাপন (Advertise) দিব পাৰিব ৷



AdSense- আপোনাৰ contents সমূহ Monetize কৰিব পাৰিব AdSense ৰ দ্বাৰা ৷ যাৰ দ্বাৰা আপুনি ইনকাম কৰিব পাৰিব ৷



Analytics- ইয়াৰ জৰিয়তে আপুনি customer ৰ insights সমূহ চাব পাৰিব ৷ যাৰ জৰিয়তে আপুনি আপোনাৰ strategy বনাব পাৰিব ৷



Google My Business- আপোনাৰ ব্যৱসায়ৰ information সমূহ মানুহৰ ওচৰলৈ লৈ আহিব পাৰিব Google Search আৰু Maps ত ৷ 



Google Wi-Fi-  এইটো এটা fast signal হয় ৷ যিয়ে আপোনাৰ গোটেই ঘৰখনতে signal পঠাব পাৰে ৷


Google Patents - ইয়াত আপুনি লাখ লাখ Patents Search কৰিব পাৰিব ৷



Google Photos - ইয়াত আপুনি Photos, videos Online ৰ মাধ্যমত ৰাখিব পাৰে আৰু যেতিয়াই বিচাৰে ইয়াৰ পৰা download কৰি লব পাৰে ৷



Google Allo- এইটো এটা smart messaging app হয় ৷ 



Google Duo - এইটো এটা smart video calling app হয় ৷ যাৰ জৰিয়তে আপুনি high-quality video calling কৰিব পাৰিব ৷



Google Translator - যত আপুনি প্ৰায় ১০০ত কৈয়ো অধিক ভাষা অনুবাদ কৰিব পাৰিব ৷



Wear OS - এইটো এনেকুৱা OS হয়, যিয়ে আপোনাক প্ৰত্যেক মিনিটে Track কৰি থাকিব যাৰ জৰিয়তে আপুনি অধিক সুস্থ (fit) হৈ থাকিব পাৰিব ৷ 


YouTube - এইটো এটা Video Sharing Site হয় ৷ ইয়াৰ জৰিয়তে আপুনি বিভিন্ন প্ৰকাৰৰ Video উপভোগ কৰিব পাৰিব আৰু বৰ্তমান সময়ত ই অধিক জনপ্ৰিয় হৈ পৰিছে ৷ 



এয়াই আছিল Google ৰ বিভিন্ন Products সম্বন্ধীয় কিছু তথ্য ৷




গুগলৰ সংস্থাপক - কাৰ Shares (অংশ) বেছি আছে ?


বলক এতিয়া জানি লও যে Google company ত কাৰ ওচৰত কিমান share আছে ৷ দৰাচলতে Google ৰ share বহু লোকৰ ওচৰত আছে কিন্তু মই মাত্ৰ তিনিজন বিশেষ ব্যক্তিৰ নাম ইয়াত জনাম ৷ যাৰ ওচৰত share ৰ পৰিমাণ অধিক আছে ৷



১/ Larry Page - ২৭.৪%


২/ Sergey Brin - ২৬.৯%


৩/ Eric Schmidt - ৫.৫%



GOOGLE ৰ MISSION STATEMENT কি হয় ?


Google ৰ mission statement হল - “Our mission is to organize the world's information and  make it universally accessible and useful” .


অসমীয়াত :- “ আমাৰ উদ্দেশ্য হল পৃথিৱীৰ সকলো তথ্যসমূহ সূচাৰু ৰূপে উপস্থাপন কৰা আৰু ইয়াক সাৰ্বভৌমিক ৰূপত সুলভ আৰু উপয়োগিতা কৰা ” ৷




গুগলে নিজৰ ইনকাম (আয়) কেনেদৰে কৰে ?- How does Google earn in Assamese


যদি আপুনি ভালদৰে লক্ষ্য কৰে আপুনি দেখিব যে Google য়ে নিজৰ প্ৰায়বোৰ সেৱাৰ (Service) বাবে আমাৰ পৰা পইছা (charge) নলয় ৷ তেওঁলোকে  Gmail হওক বা Video Service যেনে YouTube বা Google Search আদি সেৱা সমূহ ব্যৱহাৰ কৰাৰ বাবে আপুনি এটকাও দিব নালাগে ৷ ইয়াতে এটা প্ৰশ্নৰ উদয় হয় যে তেওঁলোকে  ইমানবোৰ সেৱা আমাৰ বাবে বিনামূলীয়াকৈ উপলব্ধ কৰায় তেন্তে তেওঁলোকে কেনেকৈ ইনকাম কৰে  ?



চিন্তাৰ বিষয় এইটো যে হিচাপ কৰিব নোৱাৰকৈ ইমান বোৰ সেৱা আমাক বিনামূলীয়াকৈ প্ৰদান কৰাৰ পিছতো Google  ইনকাম কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত কেনেকৈ আছে ?



ইয়াৰ সঠিক উত্তৰ হল Advertisement ৰ দ্বাৰাই ৷ 



আপুনি ঠিকে শুনিছে ৷ Google য়ে তেওঁলোকৰ এটা Report ত পৰিস্কাৰকৈ দেখুৱাইছে যে তেওঁলোকৰ Income ৰ ৯৬% ত কৈয়ো অধিক ইনকাম Advertisement ৰ পৰা হয় ৷ 


Google বা Google ত উপলব্ধ যিমানবোৰ website বা blogs আছে, সেইবোৰত আমি ads দেখিবলৈ পাও ৷ ইয়াত দেখিবলৈ পোৱা প্ৰায় ৭০% ads গুগলৰ দ্বাৰাই প্ৰস্তুত কৰা হয় ৷ Google এক বৃহৎ Search Engine হয় আৰু ইয়াত প্ৰায় 1 Billion result বিচৰা (search) হয় ৷ তেন্তে ভাৱি চাওক Google ৰ traffic কিমান হব ৷ 



আপুনিও Google ৰ ইনকামৰ ক্ষেত্ৰত এজন অংশীদাৰী ৷ আপোনাৰ সকলো Online গতিবিধি সমূহ Google য়ে Track কৰি থাকে ৷  সেইবাবে আপোনাক সেই সকলোবোৰ ads দেখুৱাই যাৰ বিষয়ে আপুনি আগতে কেতিয়াবা নহয় কেতিয়াবা Google ত search কৰিছে ৷ সেইবাবে বহু বেছি chances আছে যে আপুনি সেই Ads সমূহত Click কৰি সেই বস্তু সমূহ কিনিব ৷ গ্ৰাহকৰ interest বা আগ্ৰহ অনুযায়ী গ্ৰাহকক ads প্ৰদৰ্শন (show) কৰে ৷



এনেদৰে সকলো ব্যক্তিয়ে যিয়ে Google Service ৰ ব্যৱহাৰ কৰে তেওঁলোকে একপ্ৰকাৰে Google ৰ Product হৈ পৰে ৷ যাৰ জৰিয়তে তেওঁলোকে অন্য কোম্পানী সমূহৰ বস্তু selling (বিক্ৰী) কৰাত সহায় কৰে ৷ সেইবাবে বেছিভাগ কোম্পানীয়ে google ads ৰে ব্যৱহাৰ কৰে তেওঁলোকৰ product সমূহ promotion কৰাৰ বাবে ৷



এই বিজ্ঞাপন বা advertisement সেৱা সমূহ কেনেদৰে প্ৰদান কৰে তাৰ ওপৰত এবাৰ দৃষ্টি দিও ৷ 



Google Ads/AdWords



“AdWords” হল Google ৰ এটা Online Advertisement Service , যত  advertisers য়ে পইছা দিয়ে আৰু গুগলে তেওঁলোকৰ business ৰ advertise সকলো লোকৰ ওচৰত প্ৰদৰ্শিত কৰে ৷ AdWords ৰ লক্ষণীয় বিষয় এইটো যে আপুনি তেতিয়াইহে পইছা দিব লাগিব যেতিয়া visitors য়ে আপোনাৰ business ad ত click কৰে বা কোনো সামগ্ৰী আপোনাৰ পৰা ক্ৰয় কৰে ৷


যিবিলাক কোম্পানীয়ে তেওঁলোকৰ সেৱা সমূহ অন্য লোকৰ ওচৰলৈ লৈ যাব বিচাৰে বা তেওঁলোকৰ product ৰ promotion কৰিব বিচাৰে, তেওঁলোকে এই google ads বা AdWords ৰ ব্যৱহাৰ কৰে ৷ 



আপোনাৰ ads বনোৱাৰ বাবে আপুনি সকলো প্ৰয়োজনীয় information সমূহ প্ৰদান কৰিব লাগিব ৷ যাৰ জৰিয়তে আপোনাৰ ads সমূহ targeted customers লৈ সহজে যায় ৷ আনহাতে এই ads সমূহ সেইবোৰ মানুহৰ ওচৰতহে দৃশ্যমান হব যাৰ আপোনাৰ products সমূহৰ প্ৰতি ৰুছি থাকিব ৷ এনেদৰে এই ads ৰ সুবিধা google য়ে  প্ৰদান কৰাৰ বিনিময়ত বিভিন্ন কোম্পানীৰ পৰা পইছা লয় ৷



Google AdSense


AdSense এটা Google ৰ  product হয় ৷ যিয়ে  publisher (প্ৰকাশক) ৰ website বা blog ত automatic text, image আৰু video ৰ ads দেখুৱাই ৷ 


ইয়াত Google য়ে নিজৰ ads ৰ ব্যৱহাৰ Publishers (প্ৰকাশক) ৰ website বা blog ত কৰে ৷ Publishers ৰ website বা blog ত প্ৰদৰ্শিত হোৱা ads ত click হোৱাৰ ফলত Google য়ে  যিমান খিনি পইছা উপাৰ্জন কৰে, Google য়ে publishers ৰ লগত উপাৰ্জনৰ অংশ ভগাই লয় ৷ Google য়ে উপাৰ্জনৰ ৫৫% পইছা ৰাখি বাকি ৪৫% উপাৰ্জন publishers ক দিয়ে ৷ 




গুগল ভাৰতত কেনেকৈ জনপ্ৰিয় হল ?



গুগল ভাৰতত ইমান অধিক জনপ্ৰিয় হৈ পৰাৰ মুখ্য কাৰণ হল Jio. হয় আপুনি ঠিকে শুনিব পাইছে ৷ Jio ই বজাৰত (Market) Free Internet Data প্ৰদান কৰিলে আৰু পিছতো বহু কম হাৰত (Rate) internet সেৱা প্ৰদান কৰি আছে ৷ সেইবাবে এতিয়া মানুহে internet browse কৰাৰ বাবে, YouTube ত video চোৱাৰ বাবে বেছি চিন্তা কৰিব নালাগে ৷ তেওঁলোকে কোনো সংকোচ নকৰাকৈ ইয়াৰ ব্যৱহাৰ কৰিব পাৰে কিয়নো এতিয়া internet সূলভ ৷


সেয়েহে কিজানি Google ক এতিয়া Google মামা নামেৰে বেছিকৈ জনা যায় ৷ কিয়নো ই আমাৰ দ্বাৰা সোধা যিকোনো প্ৰশ্নৰ উত্তৰ অতি সহজে দি দিয়ে লগতে অতি শিঘ্ৰেই ৷ আনহাতে ইয়াৰ algorithms ইমান বেছি advance হয় যে ইয়াৰ জৰিয়তে আমি আমাৰ প্ৰশ্নৰ একদম সঠিক উত্তৰ আমি লাভ কৰিব পাৰো আৰু বহু বেছি বিচৰাৰ কোনো প্ৰয়োজন নাথাকে ৷ 



দিন প্ৰতিদিনে গুগলে users ৰ কাৰণে নতুন নতুন সেৱা সমূহ লৈ আহি আছে ৷ প্ৰতি বছৰে কিবা নহয় কিবা নতুন সেৱা আমাৰ মাজলৈ নিশ্চিতভাৱে লৈ আহে ৷ সেইবাবে কিজানি Google কেৱল ভাৰততে নহয় গোটেই বিশ্বতে অধিক জনপ্ৰিয় হৈ পৰিছে ৷




Google ৰ বিষয়ে অসমীয়াত


আশা কৰো আজিৰ এই তথ্যসমূহৰ বিষয়ে গম পাই আপোনাৰ খুবেই ভাল লাগিল ৷ আশা কৰো যে এই তথ্যসমূহ আপোনাৰ কামত আহিব ৷ 


আপুনি ইমানখিনিতো যোগ্য হৈ গল যে Google কি হয় ? (What is Google in Assamese) এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব ৷  মোৰ হিচাপত আগলৈকে গোটেই ডাঙৰ ডাঙৰ কোম্পানীয়ে Google ৰ লগত কাম কৰিবলৈ পচন্দ কৰিব ৷ আনহাতে Google য়ে লাহে লাহে Machine Learning, Deep Learning আৰু Artificial Intelligence ৰ ওপৰত কাম কৰি আছে ৷ যাৰ জৰিয়তে  মানুহে যাতে নিজৰ মগজু কমকৈ ব্যৱহাৰ কৰিব লগা হয় ৷ Google ৰ এইটোৱে উদ্দেশ্য হল যে মানুহৰ জীৱন যাতে সহজহৈ পৰে ৷ 



যদি আপোনাৰ মনত এই লিখনিটোক লৈ কিবা doubts আছে বা আপুনি যদি ভাৱে ইয়াত কিবা সুধৰণিৰ আৱশ্যক আছে, তেন্তে আপুনি তলৰ কমেণ্ট বস্কত কমেণ্ট লিখিব পাৰে ৷ 



আপোনাৰ যদি এই লিখনিটো গুগলৰ আৱিষ্কাৰক কোন হয় ভাল লাগিছে বা কিবা অলপ শিকিবলৈ পালে তেন্তে অনুগ্ৰহ কৰি এই লিখনিটো সামাজিক মাধ্যম যেনে Facebook, Twitter, WhatsApp আৰু অন্যান্য Social Media ত Share কৰক ৷ লগতে মোৰ Blog টো Subscribe কৰক ৷ 



জয় আই অসম ৷ 


ধন্যবাদ ৷

Post a Comment

0 Comments