Microsoft Windows কি হয় আৰু ইয়াৰ ইতিহাস | features of windows operating system in Assamese | windows versions history in Assamese | AssameseNe.blogspot.com

features of windows operating system in Assamese, list of windows operating systems in Assamese, windows versions history in Assamese, what is windows in computer in Assamese,Microsoft Windows কি হয় আৰু ইয়াৰ ইতিহাস,Windows কি হয়,Operating System কি হয় 



Microsoft Windows কি হয় আৰু ইয়াৰ ইতিহাস


আপুনি জানেনে মাইক্ৰচফ্ট windows কি হয় (MS Windows in Assamese) .আপোনালোকৰ মাজৰ বহুতে হয়তো আগৰে পৰাই Windows OS ৰ ব্যৱহাৰ কৰিছে, বা Windows ৰ mobile আগতে ব্যৱহাৰ কৰিছে ৷ কিন্তু আপোনালোকৰ বহুতে  হয়তো windows ৰ বিষয়ে জ্ঞাত নহয় ৷ এইটো এই কাৰণে হৈছে কিয়নো ইয়াৰ আগতে ইন্টাৰনেটতো অসমীয়াত windows সম্বন্ধে কোনেও ভালদৰে লিখা নাই ৷ সেইবাবে আজি মই এইটো কথা ভাবিলো যে  windows কি হয় ইয়াৰ বিষয়ে সম্পূৰ্ণ জ্ঞান মই সকলোকে প্ৰদান কৰো ৷ 



এনেকুৱা হব পাৰে যে আপোনালোকৰ বহুতে Microsoft ৰ Windows Operating System ৰ বিষয়ে আগতে নিশ্চয়কৈ শুনিছে ৷ কিন্তু আপোনালোকৰ মাজৰ হয়তো বহুত কমসংখ্যক লোকেহে জানে যে অপাৰেটিং চিস্টেম (OS)কি হয় আৰু ই কেনেদৰে কাম কৰে ৷ আজিৰ এই লিখনিত আপুনি গম পাব windows ৰ কাম কি আৰু ই কেনেদৰে কাম কৰে ৷ Windows OS ৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে Operating system ৰ বিষয়ে বুজি পাব লাগিব ৷ তেন্তে বলক আজি আমি অসমীয়াতে পুংখানুপুংখ ভাৱে জানি লও যে Windows Operating System কি হয় ৷ 




Windows কি হয় ? (What is Windows in Assamese)


Microsoft Windows ৰ বিষয়ে যদি কও তেতিয়াহলে ই এটা Graphical interface Operating system হয়, যাক Microsoft Corporation নামৰ এটা প্ৰসিদ্ধ IT Company য়ে develop কৰিছিল ৷ Microsoft Windows এটা জনপ্ৰিয়, user friendly আৰু সকলোতকৈ বেছি ব্যৱহাৰ হোৱা Operating System হয় ৷ ই নিজৰ অত্যাধুনিক Graphical Display আৰু অন্য features সমূহৰ  কাৰণে মানুহৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছে ৷



Microsoft Windows Graphical OS মুক্তি পোৱাৰ আগত MS-DOS OS আছিল ৷ যত Users য়ে MS-DOS OS ৰ Command line ত কাম কৰিব লগা হৈছিল ৷




Microsoft য়ে তেওঁলোকৰ product ৰ নাম এটা শব্দত আৰু অতি সাধাৰণ ৰূপত নামাকৰন কৰিব বিচাৰিছিল, যাতে Microsoft ৰ GUI interface ক সঠিককৈ define (ব্যাখ্যা)কৰে ৷ সেয়েহে Microsoft য়ে “Windows” শব্দটো বাছনি কৰি ললে ৷ কিয়নো GUI (Graphical User Interface) ত multiple windows য়ে বেলেগ বেলেগ task আৰু programme সমূহ run কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সেয়েহে microsoft য়ে নিজৰ company ৰ নামৰ লগত Windows শব্দটো সংযোগ কৰি নিজৰ product  ক এটা নতুন নাম দিলে ৷ যাৰ নাম হল “Microsoft Windows” . এনেকৈ Microsoft Windows ৰ জন্ম হল ৷ 



Operating System কি হয় ?


Operating System এটা কম্পিউটাৰৰ system হয় যিয়ে User আৰু কম্পিউটাৰ মাজত এক মাধ্যম হিচাপে কাম কৰে ৷ কম্পিউটাৰ এটা মেচিন হয়, সেয়েহে ই আমাৰ দ্বাৰা প্ৰদান কৰা command (নিৰ্দেশ) সমূহ বুজি নাপায় ৷ ইয়াতে operating system ৰ কাম হল যে ই আমাৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশ সমূহ কম্পিউটাৰক বুজাই দিয়া ৷ Operating system ৰ সহায়তে কম্পিউটাৰে আমাৰ দ্বাৰা দিয়া নিৰ্দেশসমূহ বুজি পায় আৰু আমাৰ নিৰ্দেশসমূহ পূৰ্ণ কৰে ৷ সহজ ভাষাত কবলৈ গলে operting system অবিহনে কম্পিউটাৰৰ কোনো অস্তিত্ব নাথাকিব ৷



Operating System ৰ অন্য এটা মহত্ত্ব হল ইয়াৰ দ্বাৰায়ে Hardware ৰ উপাদান (resources) সমূহ উপস্থাপন কৰা হয় ৷ Operating system য়ে কম্পিউটাৰৰ সকলো programme ৰ data সমূহ নিজৰ ওচৰত ৰাখে ৷ যাৰ সহায়ত operating system য়ে নিৰ্ণয় লয় যে কোনটো programme আৰু কোনটো resource ক কিমান সময়লৈ ব্যৱহাৰ কৰিব ৷ 




Windows ৰ প্ৰকাৰ


বিভিন্ন প্ৰকাৰৰ Operating system আছে আৰু ইয়াক ভিন্ন ভিন্ন প্ৰকাৰেৰে ভাগ কৰিব পাৰি ৷ কিন্তু ইয়াৰ মুখ্য প্ৰকাৰ কেৱল দুটা ৷ তেন্তে জানো আহক ইয়াৰ বিভিন্ন প্ৰকাৰ সমূহৰ বিষয়ে ৷



১/ Single User OS: Single User OS ত একে সময়ত কেৱল মাত্ৰ এজন ব্যক্তিয়েহে ইয়াৰ ব্যৱহাৰ কৰিব পাৰে ৷ 



২/ Multiple user OS: Multiple user OS ত একে সময়তে এজন বা এজনতকৈ অধিক ব্যক্তিয়ে একেলগে কাম কৰিব পাৰে ৷ Multiple User OS ৰ ব্যৱহাৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহত কৰা হয় ৷ যত বহুতো মানুহ একেলগে একে সামঞ্জস্যৰে কাম কৰিব লগা হয় ৷



আপোনালোকে এতিয়া ভালদৰে বুজি পালে Operating system ৰ বিষয়ে ৷ এতিয়া আমি আহিছো Windows Operating System ৰ বিষয়ৰ মাজলৈ ৷ Windows Operating system কি হয় আৰু ই কিয় অন্য Operating system তকৈ অধিক জনপ্ৰিয় তাকে জানো আহক ৷



Windows ৰ বিশেষত্ব


Windows বা Microsoft Windows, এইটো Microsoft ৰ এটা product হয় ৷ Windows operating system ৰ আৰম্ভণি ১৯৮৫ ত হৈছিল ৷ ই আৰম্ভণিৰে পিছৰে পৰাই সফলতাৰ উচ্চ শিখৰত উপস্থিত হৈছে ৷ আৰম্ভণিৰে পৰাই এতিয়ালৈকে windows OS ত বহুতো সালসলনি ঘটিছে ৷ আৰম্ভনিৰে পৰাই এতিয়ালৈকে ইয়াৰ বহুতো version আহিছে ৷ কোম্পানীয়ে প্ৰতি বাৰে ইয়াৰ নতুন version ত আগতকৈ অধিক নতুন features সংলগ্ন কৰিবলৈ চেষ্টা কৰি আহিছে ৷



Microsoft windows কম্পিউটাৰ users ৰ দ্বাৰা অধিক ব্যবহৃত হোৱা operating system ৷ ইয়াক সাধাৰণতে আপুনি মহাবিদ্যালয়, বিদ্যালয় বা ঘৰৰ কম্পিউটাৰ সমূহত দেখিবলৈ পাব ৷



Microsoft windows হল Graphical Interface অপাৰেটিং system . ইয়াৰ অৰ্থ হল ই নিজৰ তথ্য সমূহ দেখুৱাবলৈ Graphics বা Icons আদিৰ ব্যৱহাৰ কৰে ৷ ইয়াৰ বাবে ইয়াক চলাবলৈ বহু সহজ হৈ পৰে ৷ যিকোনো শ্ৰেণীৰ, যিকোনো বয়সৰ লোকে ইয়াক অতি সহজে বুজি পাব পাৰে আৰু চলাবও পাৰে ৷



Windows অহাৰ আগতে MS-DOS ত প্ৰতিটো task বা কাম কৰাৰ বাবে কিছুমান নিৰ্দেশ মনত ৰাখিব লাগিছিল, যিটো কিছু কঠিন কাম আছিল ৷ কিন্তু windows ৰ আগমনৰ লগে লগেই এই সকলোবোৰৰ সলনি হৈ গল ৷ ইয়াৰ আগমনৰ লগে লগে আপুনি মাত্ৰ mouse ক navigate কৰি cursor ৰ সহায়ত স্ক্ৰীনত দেখা পোৱা icons যেনে menus, tabs, dialog boxes বা কোনো বেলেগ options ৰ ব্যৱহাৰ কৰিবৰ বাবে মাউচৰ সহায়ত তাত মাত্ৰ ক্লিক কৰিলেই হল ৷ ইয়াৰ লগতে আপুনি যিকোনো task অতি সহজে কৰিব পাৰে ৷ 



১৮৮৫ চনত windows ৰ প্ৰথম version অহাৰ পিছত এতিয়ালৈকে windows ৰ মুঠ ২৬ টা version আহিছে ৷ Windows Operating System ৰ শেষ version যিটো Windows 10 আছিল, সেইটো ২০১৫ চনৰ জুলাই মাহৰ ২৯ তাৰিখে আহিছিল ৷ 



Microsoft Windows ৰ সকলোতকৈ লোকপ্ৰিয় version ৰ তালিকাত Windows vista, Windows 98, Windows XP, Windows 2000, Windows 8 আৰু Windows 10 সন্নিৱিষ্ট আছে ৷ চাবলৈ গলে Microsoft ৰ Windows Product সমূহৰ প্ৰতিটো version য়ে যথেষ্ট সফল আছিল, কিন্তু ওপৰত উল্লিখিত version বা সংস্কৰণ সমূহ অধিক লোকপ্ৰিয় হৈছিল আৰু মানুহৰ ঘৰৰ লগতে মানুহৰ মনতো ঠাই পাবলৈ সক্ষম হৈছিল ৷



Windows ৰ ইতিহাস


Microsoft Windows য়ে ইমানবেছি effective Operating System বনাইছিল যে যদি আমি ৮০ৰ দশকৰ কথা কও তেন্তেই Windows ক বাদ দি সেই সময়ত কম্পিউটাৰৰ কথা ভাবিবই নোৱাৰে ৷ আৰম্ভণিৰে পৰাই Microsoft য়ে নিজৰ Operating system ক দুটা ভাগত বিভক্ত কৰিছিল ৷ প্ৰথমটো আছিল MS-DOS Family আৰু দ্বিতীয়টো আছিল Windows NT. Windows য়ে এক নতুন Operating system ৰ দ্বাৰাই সকলোতকৈ অধিক জনপ্ৰিয় Operating system হৈ পৰিল ৷ তেন্তে বলক Windows Operating System ৰ গোটেই ইতিহাসৰ বিষয়ে জানি লও ৷



Windows 1.0


এইটো আছিল প্ৰথম Version (সংস্কৰণ) ৷ Windows 1.0 যাক released কৰা হৈছিল ১৯৮৫ চনৰ নবেম্বৰৰ মাহত Microsoft ৰ founder(প্ৰতিস্থাপক) Bill Gates ৰ দ্বাৰাই ৷ ইয়াত বহু সাধাৰণ কাৰ্যপ্ৰণালী (basic functionality) আছিল ৷ যেনে gadgets (calendar, calculator, MS Paint আৰু এটা primitive word processor).



Windows 2.0


ইয়াক Released কৰা হৈছিল ১৯৮৭ চনত ৷ কবলৈ গলে ই প্ৰথম version ত কৈ অধিক দক্ষ নাছিল ৷ Windows 2 ৰ যিটো সকলোতকৈ ডাঙৰ innovation আছিল সেইটো হল windows অতি সহজে ইটোই সিটোৰ ওপৰত overlap হব পাৰিছিল , আৰু ইয়াত windows ক minimize আৰু maximize ৰ ability প্ৰদান কৰা হৈছিল ৷ 



ই support কৰিছিল Video Graphics Array (VGA) display system ক ৷ যিয়ে allow কৰিছিল 16 colors ৰ ব্যৱহাৰ কৰাৰ বাবে 640×480 ৰ resolution ত ৷ Windows 2.0 ই support কৰিছিল 286 processor ক ,কিন্তু সময়ৰ লগত সামঞ্জস্য বনোৱাৰ বাবে  Microsoft এ release কৰিছিল এটা provisional version Windows 2.0 ৰ ৷ যাক কোৱা হৈছিল Windows /386 2.3 . যিয়ে নতুন 386 processor ক support কৰিছিল ৷



ইয়াত বহু প্ৰকাৰৰ application ক introduced কৰা হৈছিল ৷ যেনে Excel, Word, Corel Draw আৰু PageMaker . 



Windows 2 ত control panel ৰ আৰম্ভণি কৰিছিল, যত বহুতো system settings আৰু configuration options আদিক একে ঠাইতে সংস্থাপন (collect) কৰা হৈছিল ৷




Windows 3.0



Windows 3.0 ক released কৰা হৈছিল ১৯৯০ চনত ৷ আনহাতে ই ইমানে বেছি সফলতা লাভ কৰিছিল যে ইয়াক ২০০১ চনলৈকে চলি আছিল ৷ ইয়াত GUI ক সকলো নতুন icons ৰ লগত update কৰা হৈছিল আৰু এইটোৱে আছিল প্ৰথমটো Windows যত hard drive ৰ প্ৰয়োজন আছিল ৷ 



ইয়াত virtual memory, improved graphics, আৰু multitasking ৰ ability (যোগ্যতা) থকা হেতুকে Windows 3.0 ৰ বিক্ৰী 10 million copies লৈ বৃদ্ধি কৰি দিছিল ৷ 



এই version (সংস্কৰণ) ৰ জনপ্ৰিয়তাৰ মুখ্য কাৰণ আছিল Windows Software Development Kit (SDK) . যিয়ে Developers সকলক বহু ধুনীয়া platform প্ৰদান কৰিছিল Windows ত applications write কৰাৰ বাবে ৷ 



ইয়াত জনপ্ৰিয় গেম যেনে Solitaire প্ৰথমবাৰৰ বাবে launch কৰা হৈছিল ৷




Windows 3.1


Windows 3.1 ক release কৰা হৈছিল ১৯৯২ চনত ৷ ইয়াত সকলো necessary fixes আৰু improved font functionality ক সংলগ্ন কৰা হৈছিল ৷ TrueType font য়ে Windows ক এক viable publishing platform বনাইছিল তাকো প্ৰথমবাৰৰ বাবে ৷



Windows 3.1 ক run কৰাৰ বাবে 1MB RAM ৰ প্ৰয়োজন হৈছিল আৰু সৰ্বপ্ৰথমে ই support কৰিছিল MS-DOS programmes ক ৷ যাক মাত্ৰ mouse ৰ দ্বাৰাই  control কৰিব পৰা গৈছিল ৷ 



Windows 3.1 প্ৰথমটো Windows আছিল যাক distribute কৰা হৈছিল এটা CD-ROM ত ৷ এবাৰ ইয়াক hard drive ত install কৰি লোৱাৰ পিছত ই কেৱল মাত্ৰ 10 ৰ পৰা 15 MB ৰ space (ঠাই) হে occupy (অধিগ্ৰহণ) কৰিছিল ৷ 



ই multimedia functionality কো support কৰিছিল, যত external musical instruments আৰু MIDI devices ক connect কৰাৰ বাবে support প্ৰদান কৰিছিল ৷ 



Windows 3.1 ত applications সমূহক close কৰাৰ ability প্ৰদান কৰা হৈছিল ৷ কেৱল মাত্ৰ (Ctrl+Alt+Del) press কৰি, যাৰ জৰিয়তে সকলো hung applications ক terminate কৰিব পাৰি যিকোনো running programmes (চলি থকা যিকোনো programmes ৰ মাজত) ত ৷ 




Windows 95


ই Windows ৰ গোটেই আকাৰে সলনি কৰি দিলে ৷ Windows 95 ৰ আৰম্ভণি হল ১৯৯৫ চনৰ আগষ্ট মাহত ৷ ইয়াত প্ৰথমবাৰৰ বাবে Start button আৰু Start menu সংলগ্ন কৰা হৈছিল আৰু  লগতে taskbar . আনহাতে ই সম্পূৰ্ণৰূপে focused কৰিছিল multitasking ৰ ওপৰত ৷


Windows 95 ত আৰম্ভণি কৰা হৈছিল এটা 32-bit environment আৰু design কৰা হৈছিল compatibility ক increase কৰাৰ বাবে ৷ ইয়াত operating system য়ে নিজে appropriate drive ক (find) বিচাৰিব পাৰিছিল আৰু সেইবোৰক ভালদৰে কাম কৰাৰ বাবে সহায় কৰিব পাৰিছিল ৷ 


Windows 95 প্ৰথমটো MS Operating System আছিল যিয়ে long filenames ক support কৰিছিল ৷ আনহাতে ইয়াত DOS ক আগতে install কৰাৰ কোনো প্ৰয়োজন নাছিল ৷ 




Windows 4.0


Windows 3.0 ৰ পিছত ১৯৯৬ চনত Windows 4.0 ক release কৰা হৈছিল ৷ ইয়াত কিছুমান minor improvement কৰা হৈছিল ৷ 




Microsoft Windows 98


Windows 98 আছিল প্ৰথমটো সংস্কৰণ (release) যাক design কৰা হৈছিল বিশেষকৈ consumers সকলৰ বাবে লগতে ই support কৰিছিল DVDs ক read কৰাত আৰু USB devices সমূহক read কৰাৰ বাবে ৷ USB support ক বহুত বেছি improve কৰা হৈছিল Windows 98 ত, যাৰ বাবে ইয়াক বহুত ব্যৱহাৰ কৰা হৈছিল ৷ লগতে USB hubs আৰু USB mice আদিকো বহু ব্যৱহাৰযোগ্য কৰি তুলিছিল ৷ 



Windows 98 ত আৰম্ভণি (introduced) ঘটোৱা হৈছিল back আৰু forward navigation buttons ৰ আৰু Windows Explorer ত address bar ৰ লগতে  Windows Driver Model computer component আৰু accessories ৰ বাবে এটা driver ক ইয়াত সংলগ্ন কৰা হৈছিল, যিয়ে Windows ৰ সকলো future versions সমূহক যাতে support কৰিব পাৰে ৷ 



Microsoft Windows ME


ইয়াক release কৰা হৈছিল২০০০ চনৰ ১৪ চেপ্তেম্বৰত ৷ এইটো Windows Millennium Edition (ME) ৰ সেইটো last OS (শেষৰটো OS) আছিল যাক MS-DOS kernel ত বনোৱা (build) হৈছিল ৷ ইয়াত digital media ৰ বাবে support কৰোৱা হৈছিল ৷ Image Acquisition কো (add) সংলগ্ন কৰা হৈছিল images সমূহক digital camera ৰ দ্বাৰা download কৰাৰ বাবে ৷



IE 5.5, Windows Media Player 7 আৰু Windows Movie Maker আদি প্ৰথমবাৰৰ বাবে সন্মুখলৈ আহিছিল এইটো version ৰ দ্বাৰাই ৷ 



Windows ME ত System restore feature সংলগ্ন (add) কৰা হৈছিল ৷ যাৰ জৰিয়তে যিকোনো deleted system file ক পুনৰ বাৰ restore কৰিব পৰা গৈছিল ৷ 



ইয়াৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে ইয়াৰ system file protection, যিয়ে prevent (ৰক্ষা) কৰিছিল গুৰুত্বপূৰ্ণ OS file সমূহ সলনি (changes) হোৱাৰ পৰা ৷  




Windows 2000


Windows 2000 সম্পূৰ্ণৰূপে নিৰ্ভৰ আছিল Microsoft ৰ business-oriented system Windows NT ৰ ওপৰত, আৰু পিছলৈ ই Windows XP ৰ মূলআধাৰ (basis) হৈ পৰিল ৷ 



ইয়াত বহুতো devices ক একেলগে plug and play কৰিব পাৰি আৰু লগতে প্ৰায় সকলো operating system ৰ লগত সংলগ্ন (compatible) কৰিব পাৰি ৷ ইয়াত defragmenter আৰু device manager ক সংলগ্ন কৰোৱা হৈছিল ৷ 


Windows 2000 ত Microsoft ৰ automatic updating ব্যৱস্থাই বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ আনহাতে এইটো প্ৰথমটো Windows আছিল যিয়ে hibernation ক support কৰিছিল ৷




Windows XP


Windows XP আছিল Microsoft Operating System ৰ আটাইতকৈ বেছি জনপ্ৰিয় version . যাক released কৰা হৈছিল ২০০১ চনত ৷ ইয়াক সকলোতকৈ অধিক user-friendly OS বুলিও কোৱা হয় ৷ Windows XP য়ে অতি সহজে কাম কৰিছিল Laptop আৰু Desktop users সকলৰ বাবে ৷ Windows XP ৰ last update ২০১৪ চনৰ এপ্ৰিল মাহলৈ আছিল ৷ ইয়াৰ পিছত Microsoft য়ে Windows XP ৰ update একেবাৰেই বন্ধ কৰি দিছিল ৷



Start menu আৰু taskbar ক নতুন visual overhaul প্ৰদান কৰা হৈছিল, লগতে ইয়াত familiar green Start button ৰ আৰম্ভণি কৰা হৈছিল ৷ blue taskbar আৰু vista wallpaper লগতে ইয়াত various shadow আৰু visual effect প্ৰদান কৰা হৈছিল ৷ 



Windows XP ত এটা ডাঙৰ সমস্যা আছিল যে ইয়াৰ security. কিয়নো ইয়াত Firewall তো built in আছিল কিন্তু  ই by default turned off হৈ গৈছিল ৷ যাৰ বাবে বেছিভাগ hacker আৰু criminals য়ে এই গাফিলতিৰ সুবিধা লৈছিল ৷ Windows XP Microsoft ৰ বৰ্তমানলৈকে আটাইতকৈ বেছি best selling Operating System আছিল ৷ 





Windows Vista


Windows Vista ক release কৰা হৈছিল ২০০৬ চনত ৷ ইয়াত অধিক শক্তিশালী security system আছিল ৷ ইয়াত data protection কৰাৰ বাবে BitLocker Drive Encryption থাকে ৷ Media Player ত enhancement কৰা হৈছিল, home entertainment, photographs customization, videos editing আৰু better display design ক upgrade কৰা হৈছিল ৷ 


এই version টো কেৱল মাত্ৰ তিনি বছৰহে চলিছিল, কিয়নো এই version ত বহুতো bugs আছিল আৰু লগতে ই বেছি user-friendly নাছিল ৷ 



Windows Media Player 11 আৰু IE 7 ক প্ৰথম সংলগ্ন কৰালে লগতে Windows Defender, যি এটা anti-spyware programme আছিল তাকো সংলগ্ন কৰোৱা হল ৷ 



Vista ত Speech recognition, Windows DVD Maker আৰু Photo Gallery কো সংলগ্ন কৰা হৈছিল ৷ এইটোৱেই আছিল প্ৰথম Windows, যাক DVD লৈ ৰূপান্তৰিত (distribute) কৰা হৈছিল ৷



Microsoft Windows 7


Windows 7 ক release কৰা হৈছিল ২০০৯ চনৰ অক্টোবৰ মাহত ৷ ই বহু বেগেৰে কাম কৰিছিল, বেছি stable আৰু ব্যৱহাৰৰ বাবে বহু সহজ আছিল ৷ এইটো version ব্যৱসায় প্ৰতিষ্ঠান আৰু users সকলে বহুল ভাৱে ব্যৱহাৰ কৰিছিল আৰু Windows XP ক Upgrade কৰি সকলোৱে Windows 7 ক নিজৰ কৰি লৈছিল, কিয়নো Windows Vista বহু বেছি জনপ্ৰিয় নাছিল ৷ 



ইয়াত বিভিন্ন পদ্ধতিৰে নতুন নতুন features ক (add) সংলগ্ন কৰা হৈছিল ৷ যেনে - Snap,Peek আৰু Shake . Windows Touch য়ে users সকলক সুবিধা প্ৰদান কৰিছিল fingers ৰ ব্যৱহাৰ কৰিবলৈ browsing, flipping photos আৰু files/folders ক open কৰাৰ বাবে ৷ ইয়াত আপুনি music,videos আৰু photos ক stream কৰিব পাৰিব নিজৰ PC ৰ পৰা Stereo বা TV লৈ ৷ 



Handwriting recognition ৰ আৰম্ভণি Windows ৰ দ্বাৰাই হৈছিল লগতে ইয়াত automatic window resizing য়ো কৰিব পৰা গৈছিল ৷ 



Windows 8


ইয়াক release কৰা হৈছিল ২০১২ চনৰ অক্টোবৰ মাহত ৷ Windows 8 বহুত জনপ্ৰিয় version আছিল  Microsoft ৰ ৷ যত Start button আৰু Start menu ক বহু সলনি কৰা হৈছিল ৷ ইয়াত touch-friendly Start screen ৰ ব্যৱহাৰ কৰা হৈছিল ৷ 



Windows 8 বহু বেছি বেগী আছিল আগৰ Windows version ৰ তুলনাত ৷ আনহাতে ই faster USB 3.0 devices সমূহ support কৰিছিল ৷



Windows Store, যিয়ে offer কৰিছিল universal Windows apps সমূহক full-screen mode ত ব্যৱহাৰ কৰাৰ বাবে ৷ 



ইয়াত বহু নতুন technologies ক সংলগ্ন কৰা হৈছিল, যেনে near-field communications, Universal Serial Bus 3.0 (USB 3.0) , low-power ARM architecture, cloud computing আৰু UEFI firmware. লগতে ইয়াত সংলগ্ন কৰা হৈছিল বহুতো security features যেনে- malware filtering, spam detection, built-in antivirus capabilities ইত্যাদি ৷



Windows 10


ইয়াৰ আৰম্ভণি ঘটিছিল ২০১৪ চনৰ ৩০ ছেপ্তেম্বৰত ৷ Windows 10 হল Windows ৰ একেবাৰে latest version . ইয়াত Microsoft য়ে সেই সকলোবোৰ features ক install কৰি দিছিল যিবোৰ তেওঁলোকে আগৰ version সমূহত দিব পৰা নাছিল ৷ লগতে ইয়াত নতুন নতুন features সমূহক বাৰে বাৰে implement কৰা হৈ আছে , যাৰ দ্বাৰাই যাতে users য়ে সকলো latest updates লাভ কৰে ৷



ইয়াত বহুতো আকৰ্ষণীয় features ক সংলগ্ন কৰা হৈছে ৷ যাৰ দ্বাৰাই আপুনি keyboard mode, mouse mode, tablet mode আদিলৈ switch বা সলনি কৰি লব পাৰে ৷ 




Windows ৰ এই version ত Microsoft Edge ক নতুন ৰূপত প্ৰস্তুত কৰা হৈছিল ৷ যিকোনো qualified device লাগিলে সেইটো tablets, PCs, smartphones বা Xbox consoles হওক, আপুনি এইবোৰক upgrade কৰিব পাৰে Windows 10 লৈ ৷ লগতে যিবোৰ devices ত Windows ৰ pirated copies ৰ ব্যৱহাৰ কৰা হৈছিল সেইবোৰকো আপুনি upgrade কৰিব পাৰিব ৷ 



Advantages (লাভ) of Microsoft Windows in Assamese



১/ ব্যৱহাৰ কৰাৰ বাবে সুবিধাজনক :- Microsoft Windows য়ে নিজৰ system ত বহু পৰিবৰ্তন কৰিছে ৷ ইয়াত operating system ৰ ব্যৱহাৰ কৰা অতি সহজ ৷ যিকোনো বয়সৰ বা যিকোনো শ্ৰেণীৰ লোকে সহজে ইয়াৰ ব্যৱহাৰ কৰিব পাৰে ৷ 



২/Software :- Windows ত আপুনি বহুতো software ৰ ব্যৱহাৰ কৰিবলৈ পাব ৷ ইয়াৰ জনপ্ৰিয়তাৰ বাবে ইয়াক ব্যৱহাৰ কৰা লোকৰ সংখ্যা অধিক ৷ সেয়েহে সিমানেই বেছি software বনোৱা লোক আছে ৷ 



৩/ সুসংগত :- Windows য়ে নিজৰ পুৰণি version (সংস্কৰণ) সমূহত ব্যৱহাৰ হোৱা সকলো programme সমূহক নিজৰ নতুন version তো support কৰে ৷ 




Disadvantages (বেয়া দিশ সমূহ) of Windows in Assamese .



১/ দাম :- Microsoft Windows ৰ দাম অন্য OS যেনে Linux আদিৰ তুলনাত বহু বেছি হয় ৷ 


২/ Security :- Windows ত security ৰ কথা আৰম্ভণিৰে পৰাই চৰ্চাৰ বিষয় হৈ পৰিছে ৷   Microsoft ৰ security অন্য OS ৰ তুলনাত বহু দুৰ্বল হয় ৷ এনেকৈ কোৱা হয় যে Windows ৰ product সমূহ কেতিয়াও security ৰ বাবে বনোৱা নহয় বুলি ৷ Linux আদিৰ তুলনাত Windows ত hack হোৱাৰ আকাংক্ষা অধিক ৷ নিৰাপত্তাৰ বিষয়টো Windows OS ৰ বাবে আগৰে পৰাই সমস্যাৰ বিষয় হৈ আহিছে ৷ 


৩/ Reliability :- Windows ক সময়ে সময়ে reboot কৰিব লগা হয় ৷ যদি এনেকুৱা কৰা নহয় তেন্তেই system hang হৈ কাম কৰা বন্ধ কৰি দিব ৷ 





Windows Phone


Windows Phone, মবাইল operating system ৰ এটা series হয় ৷ যাক Microsft ৰ দ্বাৰাই মবাইল ফোনৰ বাবে বনোৱা হৈছিল ৷ ইয়াক প্ৰথম বাৰৰ বাবে ২০১০ চনত launch কৰা হৈছিল ৷ 


৮ অক্টোবৰ ২০১৭ চনত Microsoft য়ে নিৰ্ণয় ললে যে Windows 10 মবাইলৰ কাম বন্ধ কৰি দিব ৷ কিয়নো বজাৰত Windows phone ৰ প্ৰতি মানুহৰ আকৰ্ষণ কম আছিল আৰু Windows phone ৰ প্ৰতি মানুহৰ ৰুছি কম আছিল ৷ সেয়েহে Microsoft য়ে Windows phone বন্ধ কৰি দিয়াৰ নিৰ্ণয় ললে ৷ 



Frequently Asked Questions (প্ৰায়ে সোধা প্ৰশ্নবোৰ) 


প্ৰশ্ন - Laptop ত windows 10 ৰ trial version কিমান দিন চলে ?

উত্তৰ - Laptop ত windows 10 ৰ trial version officially ৯০ দিনৰ হয় ৷


প্ৰশ্ন - মোৰ Laptop ৰ পৰাই windows 7 গুছাই windows 10 চলাব বিচাৰো, কি কৰিব লাগিব ?

উত্তৰ - যদি আপুনি windows 7 ক upgrade কৰি windows 10 কৰিব বিচাৰে, তাৰ বাবে আপুনি windows upgrade installer ৰ ব্যৱহাৰ কৰিব লাগিব ৷ তাৰ পিছত আপুনি upgrade ৰ option choose কৰক, ইয়াৰ পিছত আপোনাৰ কম্পিউটাৰ windows 10 লৈ upgrade হৈ যাব ৷


প্ৰশ্ন - Windows 10 ৰ backup লবৰ বাবে কিমান GB ৰ pendrive লাগিব ?

উত্তৰ - Windows 10 ৰ backup লবৰ বাবে প্ৰায় 3 ৰ পৰা 6 GB ৰ space লাগিব ৷ গতিকে pendrive ৰ storage প্ৰায় 8 GB হব লাগিব ৷ 



প্ৰশ্ন - Windows 7 ৰ লগত Windows 10 ৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি ?

উত্তৰ - যদি আপুনি Windows 7 আৰু Windows 10 ৰ ব্যৱহাৰ একেলগে কৰিব বিচাৰে, তেন্তে আপুনি dual booting ৰ ব্যৱহাৰ কৰিব লাগিব ৷ কিন্তু এটা windows এটা সময়তহে ব্যৱহাৰ কৰিব পাৰিব ৷ 



প্ৰশ্ন - Dell laptop Windows 10 ৰ দাম কিমান ?

উত্তৰ - Dell laptop Windows 10 ৰ দাম Rs. ২৮,০০০ ৰ পৰা ৩২,০০০ লৈ হব পাৰে ৷ 



প্ৰশ্ন - Windows 10 ত tv tuner card support কৰেনে ?

উত্তৰ - হয় , Windows 10 ত TV Tuner card support কৰে ৷ ইয়াৰ বাবে আপুনি setting ত কিছু সালসলনি কৰিব লাগিব ৷ 


প্ৰশ্ন - Windows 10 লেপটপ open হোৱা নাই, open কৰাৰ পিছত screen খন জিলমিলাই আছে ৷ কি কৰিব লাগিব ?

উত্তৰ - যদি আপোনাৰ windows 10 ৰ screen open হোৱা নাই বা open হোৱাৰ পিছত জিলমিলাই আছে তেন্তে ইয়াৰ কাৰণ হব পাৰে যে display drive ৰ compatibility issues হৈছে ৷ ইয়াৰ বাবে আপুনি display drivers ক update কৰিব লাগিব ৷




Windows ৰ বিষয়ে অসমীয়াত


মই আশা কৰিছো যে আপুনি মোৰ এই লিখনিতো পঢ়ি Windows কি হয় (What is Windows in Assamese) নিশ্চয়কৈ ভাল পাইছে ৷ যদি মোৰ এই লিখনিৰ সম্বন্ধে মনত কিবা doubts বা প্ৰশ্ন আছে বা যদি আপুনি বিচাৰে ইয়াত কিছু সুধৰণিৰ আৱশ্যক আছে তেন্তে ইয়াৰ বাবে আপুনি তলৰ কমেণ্ট বস্কত লিখিব পাৰে ৷ যদি আপুনি এই লিখনি Microsoft Windows কি হয়  পঢ়ি ভাল পাইছে আৰু অলপ শিকিবলৈ পালে তেন্তে অনুগ্ৰহ কৰি এই post তো Social Networks যেনে Facebook, Twitter আদিত share কৰক ৷ 


ধন্যবাদ

Post a Comment

0 Comments