মনে বিচৰা চাকৰি পোৱাৰ ৫ টা মূল মন্ত্ৰ | How To Find A Job In Assamese | AssameseNe.blogspot.com

মনে বিচৰা চাকৰি পোৱাৰ ৫ টা মূল মন্ত্ৰ




ভাল চাকৰি পোৱাৰ বাবে যিকোনো ব্যক্তিকে যি যি গুণ লাগে আজি সেইবোৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম ৷ ভাৰতবৰ্ষত চাকৰিয়ে হৈছে ধন উপাৰ্জন কৰাৰ আটাইতকৈ ধুনীয়া উপায় ৷ এটা ভাল চাকৰি পোৱাটো কেৱল মাত্ৰ যে কঠিনে এয়ে নহয়, ই ব্যক্তিজনক সমাজত এজন সফল ব্যক্তি হিছাপে পৰিগণিত কৰে ৷ 

ভাল চাকৰি এটা পোৱাৰ ক্ষেত্ৰত ভাগ্যৰো দৰকাৰ, এনেকৈ সকলোৱে বিশ্বাস কৰে কিন্তু ভাল চৰকাৰী চাকৰিৰ বাবে আপুনি  ভালদৰে সাজু  (preparation) হোৱাৰো প্ৰয়োজন ৷ এই কথাটো সদায় মনত ৰখা উচিত ৷ 




ভাল চাকৰি পোৱাৰ উপায় 


চাকৰি পোৱাৰ ৫ টা মূল মন্ত্ৰ, how to find a job in assamese, find a job online in assamese, how to get a job immediately assam, job, চাকৰি,




আহক এতিয়া আলোচনা কৰো সেই ৫ টা গুণনো কি যিয়ে ব্যক্তি এজনক ভাল চাকৰি এটা পোৱাত সহায় কৰে ৷ 



1. আপোনাৰ (Personality) ব্যক্তিত্ব সলনি/সুধৰনী কৰক



যেতিয়া আপুনি কৰবাত interview দিবলৈ যাই তেতিয়া ১৫ ৰ পৰা ২০ মিনিটৰ ভিতৰত এজন শুদ্ধ (perfect) ব্যক্তি চিনাক্ত কৰাতো interviewer ( যিয়ে interview লয় ) ৰ সকলৰৰ বাবেও বহুত কঠিন হয় ৷ সেইবাবেই interview লোৱা কম্পেনীয়ে আপোনাৰ confidence আৰু আপোনাৰ personality য়ো judge (বিচাৰ) কৰে ৷ 


সেইবাবে আপোনাৰ confidence আৰু আপোনাৰ personality ৰে এনেকুৱা দেখুৱাব লাগিব যে আপুনিয়ে সকলোতকৈ বেষ্ট (best) ৷ যাৰ বাবেই company য়ে আপোনাকে চিলেক্ট (select) কৰিব লাগিব ৷ 


2.আপোনাৰ ক্ষেত্ৰ বাচি লওক বা দৃঢ় হওক আপোনাক কেনেকুৱা ধৰণৰ চাকৰি লাগে 


প্ৰায়ে দেখা যাই যে প্ৰত্যেকে চাকৰি বিচাৰি যিকোনো কম্পেনীলৈ আৰু যিকোনো কামৰ বাবে interview দিবলৈ যাই আৰু মাত্ৰ অসফলতাহে হাতত লাগে ৷ নিজৰ এখন field বাচি লওক যে আপুনি কোনটো field ত যাব বা কেনেধৰণৰ চাকৰি কৰিব বিচাৰিব ৷ ধৰি লওক আপুনি Software Engineer হয় তেন্তে সেই ক্ষেত্ৰতো বহুত ধৰণৰ চাকৰি উপলব্ধ ৷ যেনে ৱেব ডিজাইন, ৱেব ডেভলপাৰ, database administrator ইত্যাদি ৷ সেইবাবেই আপোনাক কেনেধৰণৰ চাকৰিৰ প্ৰযোজন, সকলোতকৈ আগত সেইটো ঠিৰাং কৰি লব লাগিব , আৰু সেইটো বিষয়ত আপুনি নিজকে সাজু কৰি লব লাগিব ৷ 

3. একেৰাহে পঢ়া আৰম্ভ কৰি দিয়ক 


আমি যিমানেই ভাবো তাতকৈ এই পৃথিৱীখন বহু বেগত আগলৈ আগবাঢ়ি গৈ আছে ৷ প্ৰতিদিনে নতুন নতুন আবিষ্কাৰ হৈ আছে , আৰু Google ৰ মহান দানৰ বাবে জ্ঞানৰ সমুদ্ৰখন আপোনাৰ সন্মুখত খোল খাই আছে ৷ যদি আপুনি ভাবিছে আপুনি সকলো জানে তেন্তে আপুনি বহু ভূল ভাবিছে ৷ 



একেৰাহে আপোনাৰ বিষয়টোৰ লগত জড়িত কিতাপ পঢ়ক , video চাওক আৰু লিখনি  (article) পঢ়ক ৷ আজিৰ সময়ত নিজকে সময়ৰ লগত update ৰখাতো বাৰুকৈ প্ৰয়োজনীয় ৷ প্ৰত্যেক field তে ইমানে প্ৰতিযোগিতা বাঢ়ি গৈছে যে চাকৰি পাবৰ বাবে আপোনাতকৈ অধিক পাৰদৰ্শীতা থকা মানুহৰ শাৰী (লাইন) লাগি আছে ৷ এনেকুৱা ক্ষেত্ৰত আপুনি পঢ়ি থকাটো বাৰুকৈয়ে আবশ্যক ৷ তেহে আপুনি সেই শাৰীত থকা মানুহবোৰক হৰুৱাই সফল হব পাৰিব ৷



4. সঠিক বায়ডাতা (Biodata) বনাওক 


প্ৰায়ে মানুহে এনেকুৱা কৰে যে নিজৰ কোনোবা বন্ধু বা বান্ধৱীৰ এখন বায়ডাটা ললে আৰু তাতে নিজৰ নাম ঠিকনা লিখি গল interview দিবলৈ ৷ আপুনি হয়তো নাজানে যে Interview লোৱা কম্পেনীয়ে কিমান যে ব্যক্তিৰ interview লৈ উঠিছে ৷ এনেক্ষেত্ৰত আপোনাৰ চতুৰালি অতি সহজে ধৰা পৰি যাব পাৰে ৷



বায়ডাতা (biodata/resume) খন আপোনাৰ অভিজ্ঞতাৰ হিছাপত তৈয়াৰ কৰি লওক ৷ আপোনাৰ যিটো বস্তু ভাল লাগে বা ভালদৰে কৰিব পাৰে তাকহে বায়ডাটাত উল্লেখ কৰক ৷ কিয়নো আপোনাক তাত উল্লেখ কৰা বিষয় বোৰৰ ওপৰতহে interview লোৱাজনে প্ৰশ্ন কৰিব আৰু তাৰ দ্বাৰা আপোনাৰ  নিৰ্বাচিত হোৱাৰো সুযোগ বাঢ়ি যাব ৷ 



5.একেৰাহে আপুনি চাকৰিৰ পৰ্টেলত (Job portals) আবেদন  (apply) কৰি থাকক 



ইন্টাৰনেটৰ যুগ যিহেতু কম্পেনী সমূহে আজি কালি তেওঁলোকৰ তাত যিবিলাক খালী পদ থাকে, সেইবোৰ Online job portls ত হে প্ৰকাশিত কৰে ৷ সেইবাবে আপুনিয়ো একেৰাহে job portals ত আবেদন কৰি থাকিব লাগিব ৷ 


চাকৰি পোৱাৰ ৫ টা মূল মন্ত্ৰ, how to find a job in assamese, find a job online in assamese, how to get a job immediately assam, job, চাকৰি,



চাকৰিৰ বাবে আবেদন কেনেকৈ কৰিব ?



বহু ধৰণৰ job portals আছে , যেনে naukri.com , indeed.com, dailyfresherjobs.com  আদি ৱেবছাইট উপলব্ধ আছে  ৷ যত আপুনি আপোনাৰ biodata/resume জমা কৰিব পাৰে ৷ আনহাতে অসমৰ বিভিন্ন বিভাগত খালী থকা পদত আবেদন কৰাৰ বাবে আপুনি www.assamcareerinfo.in বা www.assamcareer.com ত গৈ আবেদন কৰিব পাৰে ৷



তেন্তে বন্ধু-বান্ধৱী সকল , মই আশা কৰো যে আপোনালোকক মই দিয়া তথ্য সমূহ বহুত ভাল লাগিছে ৷ যদি আপুনি চাকৰিৰ বাবে ইচ্ছুক তেন্তে পলম নকৰি  naukri.com , indeed.com, dailyfresherjobs.com এই ৱেবছাইট সমূহত আপোনাৰ Resume আজিয়েই জমা কৰক , আৰু যদি আপুনি চাকৰিৰ বাবে ইচ্ছুক নহয় ও তথাপিও এই আৰ্টিকেলটো নিশ্চয়কৈ  share কৰক ৷ যাতে কোনো প্ৰয়োজনীয়তা বোধ কৰা ব্যক্তিয়ে আপোনাৰ পৰা অলপ সহায় পাই ৷ 



ধন্যবাদ

Post a Comment

1 Comments

আপোনাক স্বাগতম জনাইছো আপোনাৰ বহুমূলীয়া পৰামৰ্শ আৰু কমেণ্টৰ বাবে.....