Computer কি হয় - সাধাৰণ জ্ঞান অসমীয়াত
কম্পিউটাৰ
হল এটা ইলেক্ট্ৰনিক যন্ত্ৰ, যাৰ কাম হল ডাটা
বোৰ প্ৰছেছ কৰা আৰু ষ্টোৰ কৰা ৷
ইয়াত
আমি কথা পাতিম কম্পিউটাৰ কি হয় আৰু কম্পিউটাৰ কেনেকৈ চলোৱা হয় ৷ সহজ ভাষাত কবলৈ
হলে কম্পিউটাৰ এটা বৈদ্যুতিক যন্ত্ৰ ৷ এইটো নিশ্চয় আপোনালোক সকলোৱে আগৰে পৰা জানে
৷ তেন্তেই আপুনি নিশ্চয় ভাবিছে যে আজি আকৌ কিয় এইটো বিষয়ত লিখনি, যাৰ বিষয়ে আমি আগৰে
পৰাই জানো ৷
ৰব
ৰব, মই আজি আপোনালোকক
যি কব বিচাৰিছো "কম্পিউটাৰ কি হয়
- সাধাৰণ জ্ঞান অসমীয়াত",
হয়তো আপুনি কিছু কিছু আগৰে পৰাই গম পাই ৷ কিন্তু মোৰ
উদ্দেশ্য হল আপোনালোকক আধৰুৱা আধৰুৱাকৈ খবৰ বা তথ্য দিয়াতকৈ সম্পূৰ্ণ তথ্য পাতিয়ে
যোগান ধৰো ৷ মই জানো যে আপুনি কম্পিউটাৰৰ সাধাৰণ জ্ঞান খিনিৰ বিষয়ে জানে ৷ কিন্তু
আপুনি জানেনে কম্পিউটাৰে কেনেকৈ কাম কৰে, কোনে প্ৰথমে ইয়াক বনাইছিল, কেনেকৈ ই আমাৰ
মাজলৈ আহিল, ইমান বছৰত
কম্পিউটাৰৰ বিশেষত্বৰ ওপৰত কিমান সলনি দেখা গল ?
আজি
আমি যিবোৰ কম্পিউটাৰ ব্যৱহাৰ কৰি আছো, ইয়াৰ আৰত বহুতো
বিজ্ঞানীৰ বহু বছৰৰ কষ্ট নিহিত হৈ আছে ৷ আনহাতে আমি সেইবোৰ কথা আধৰুৱাকৈহে জানো ৷
আজি মই আপোনালোকক এই article কম্পিউটাৰ কাক কয়, ইয়াৰ মুখ্য অংগ কি, কম্পিউটাৰৰ সম্পূৰ্ণ অৰ্থ কি, আৰু ই কেনেকৈ কাম
কৰে, লগতে এই যন্ত্ৰটোৰ
বিষয়ে সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিম ৷ তেন্তে বলক পলম নকৰি আৰম্ভ কৰো আৰু
জানিবলৈ চেষ্টা কৰো যে কম্পিউটাৰনো কি হয় ৷
কম্পিউটাৰ কি - What is Computer in Assamese
কম্পিউটাৰ
এটা বৈদ্যুতিক যন্ত্ৰ হয়,
যিয়ে কিছুমান পূৰ্ব নিৰ্ধাৰিত নিৰ্দেশ অনুসৰি কাৰ্য সম্পাদন
কৰে ৷ ই এনেকুৱা এটা বৈদ্যুতিক যন্ত্ৰ যাক বনোৱা হৈছে তথ্যৰ সৈতে কাম কৰিবলৈ ৷ Computer শব্দটো Latin শব্দ " computare'' ৰ পৰা লোৱা হৈছে ৷ যাৰ অৰ্থ হল- Calculation কৰা বা গননা কৰা ৷
ইয়াৰ
মুখ্যত কাম হল তিনিটা ৷ প্ৰথম হল ডাটা গ্ৰহণ কৰা, যাক আমি Input বুলিও কও ৷ দ্বিতীয়
কাম হল ডাটা সমূহক processing
কৰা,
আৰু শেষত processed
হোৱা ডাটা সমূহ দেখুওৱা ৷ যাক আমি Output বুলিও কও ৷
Input Data--> Processing--> Output Data
কম্পিউটাৰ
কোনে আবিষ্কাৰ কৰিছিল ? আধুনিক কম্পিউটাৰৰ
জনক বুলি Charles
Babbage ক কোৱা হয় ৷ কিয়নো এখেতে প্ৰথম Mechanical কম্পিউটাৰ design কৰিছিল ৷ যাক Analytical Engine নামেৰে জনা যাই ৷
ইয়াত Punch Card ৰ সহায়ত ডাটা সমূহক
insert কৰা যায় ৷
![]() |
Charles Babbage |
তেন্তে
আমি কম্পিউটাৰক এনেকুৱা এটা advanced
ইলেক্ট্ৰনিক device
বুলি কব পাৰো , যিয়ে raw data সমূহক input ৰ মাধ্যমত User ৰ পৰা লয় ৷ তাৰ
পিছত সেই ডাটা সমূহক program
(Set of instruction)ৰ দ্বাৰা process
কৰে আৰু শেষত ফলাফল সমূহ Output ৰ মাধ্যমেৰে
প্ৰকাশিত কৰে ৷ ই numerical
আৰু non-numerical
(arithmetic and logical) calculation দুয়োটাকে process কৰে ৷
কম্পিউটাৰৰ সম্পূৰ্ণ অৰ্থ কি হয় ?
প্ৰকৃততে
কম্পিউটাৰৰ কোনো সম্পূৰ্ণ অৰ্থ নাই, তথাপিও কম্পিউটাৰৰ এটা কাল্পনিক অৰ্থ আছে ৷
C- Commonly, O-
Operated, M- Machine, P-Particular, U- Used for, T- Technical and E -Educational, R- Research.
যদি
আপুনি ইয়াক অসমীয়ালৈ অনুবাদ কৰে তেন্তে এনে হব - সাধাৰণ অপাৰেটিং যন্ত্ৰ , বিশেষ ভাবে
ব্যাৱসায়, শিক্ষা আৰু
অনুষ্ঠান আদিৰ বাবেই ব্যৱহাৰ কৰা হয় ৷
কম্পিউটাৰৰ ইতিহাস - কম্পিউটাৰৰ প্ৰজন্ম অসমীয়াত
এইটো
কথা শুদ্ধকৈ প্ৰমাণিত কৰিব নোৱাৰি যে কেতিয়াৰ পৰা কম্পিউটাৰৰ বিকাশৰ কাম আৰম্ভ কৰা
হৈছিল ৷ কিন্তু আনুষ্ঠানিকভাবে কম্পিউটাৰৰ বিকাশক generation (প্ৰজন্মৰ) ৰ হিচাপত
শ্ৰেণীবিভাগ কৰা হৈছে ৷ ইয়াক মুখ্যৰূপে 5 টা ভাগত ভাগ কৰা হৈছে ৷
কম্পিউটাৰৰ প্ৰথম প্ৰজন্ম- 1940-1956 “Vacuum Tubes”
প্ৰথম
প্ৰজন্মৰ কম্পিউটাৰ Vaccum
tubes ক circuitry
আৰু Magnetic
Drum ক memory
ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ই আকাৰত বহু ডাঙৰ আছিল ৷ ইয়াক
চলাবলৈ বহু শক্তিৰ প্ৰয়োজন হৈছিল ৷ বহু ডাঙৰ হোৱা হেতুকে ইয়াত উত্তাপৰো (heat) সমস্যা আছিল ৷ যাৰ
বাবে ই বহু বাৰ malfunction
ও হৈছিল ৷ ইয়াত Machine Language ৰ ব্যৱহাৰ হৈছিল ৷
উদাহৰণস্বৰূপে UNIVAC আৰু ENIAC computes.
দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰ -1956- 1963 “Transistors”
Second generation ৰ কম্পিউটাৰত transistors য়ে Vacuum Tubes ৰ ঠাই লৈ ললে ৷ Transistor বহু কম ঠাই আগুৰে , আকাৰত সৰু, বেগী আছিল, দাম কম আছিল আৰু কম
পৰিমাণে বিদ্যুতৰ ব্যৱহাৰ কৰিছিল ৷ ই প্ৰথম প্ৰজন্মৰ কম্পিউটাৰৰ তুলনাত কম তাপ
উৎপাদন কৰিছিল ৷ তথাপিও ইয়াত উত্তাপৰ সমস্যা আছিল ৷
ইয়াত
High Level Programming
Language যেনে COBOL
আৰু FORTRAN
ক ব্যৱহাৰ কৰা হৈছিল ৷
তৃতীয় প্ৰজন্মৰ কম্পিউটাৰ - 1964-1971 “Integrated Circuits”
তৃতীয়
প্ৰজন্মৰ কম্পিউটাৰত প্ৰথম বাৰৰ বাবে Integrated Circuit ৰ ব্যৱহাৰ কৰা
হৈছিল ৷ যত Transistors
ক সৰু সৰু কৰি silicon chip ৰ ভিতৰত সোমোৱা হৈছিল ৷ যাক Semi Conductor বুলি কোৱা হয় ৷
ইয়াৰ দ্বাৰা কম্পিউটাৰৰ processing
কৰাৰ ক্ষমতা বহু বাঢ়ি গৈছিল ৷
প্ৰথম
বাৰৰ বাবে এই প্ৰজন্মৰ কম্পিউটাৰক বেছি user friendly কৰাৰ বাবে Monitors, keyboards আৰু Operating System ৰ ব্যৱহাৰ কৰা
হৈছিল ৷ ইয়াক প্ৰথম বাৰৰ বাবেই বজাৰত (Launch) এৰি দিয়া হৈছিল ৷
কম্পিউটাৰৰ চতুৰ্থ প্ৰজন্ম - 1971-1985 “Microprocessors”
চতুৰ্থ
প্ৰজন্মৰ কম্পিউটাৰৰ এইটোয়ে তাৎপৰ্য আছিল যে ইয়াত Microprocessor ৰ ব্যৱহাৰ কৰা
হৈছিল ৷ যাৰ দ্বাৰা হাজাৰ হাজাৰ Integrated
Circuit ক এখনে ছিলিকন chip ত সংস্থাপিত কৰা হল ৷ ইয়াৰ বাবেই মেচিনৰ আকাৰ সৰু কৰাত বহুত
সুবিধা হল ৷
Microprocessor ৰ ব্যৱহাৰৰ দ্বাৰা
কম্পিউটাৰৰ efficiency আৰু বাঢ়ি গল ৷ ই
বহু কম সময়ত ডাঙৰ ডাঙৰ calculations
কৰিব পৰা হল ৷
কম্পিউটাৰৰ পঞ্চম প্ৰজন্ম - 1985 - present "Artificial Intelligence"
Fifth generation কম্পিউটাৰ আজিৰ
যুগৰ কম্পিউটাৰ ৷ যত Artificial
Intelligence য়ে দপদপাই আছে ৷ এতিয়া নতুন নতুন Technology যেনে Speech recognition, Parallel Processing,
Quantum Calculation ৰ দৰে advanced
পদ্ধতিৰ ব্যৱহাৰ হব ধৰিলে ৷
এইটো
এটা এনেকুৱা প্ৰজন্মৰৰ কম্পিউটাৰ,
যত কম্পিউটাৰত Artificial Intelligence থকাৰ বাবেই ই নিজে
সিদ্ধান্ত লব পৰা ক্ষমতা লাভ কৰিছে ৷ লাহে লাহে ইয়াৰ সকলো কাম Automated হৈ যাব ৷
কম্পিউটাৰৰ আবিষ্কাৰ কোনে কৰিছিল ?
আধুনিক
কম্পিউটাৰৰ জনক বা পিতৃ বুলি কাক কোৱা হয় ? চাবলৈ গলে Computing
Field ত বহু ব্যক্তিয়ে নিজৰ নিজৰ অবদান আগবঢ়াইছে ৷ কিন্তু Charles Babage ৰ নাম সকলোৰে উৰ্ধত
৷ কিয়নো এখেতে সৰ্বপ্ৰথমে 1837 চনত Analytical Engine আবিষ্কাৰ কৰি
উলিয়াইছিল ৷
এখেতৰ
এই engine ত ALU, Basic Flow control আৰু Integrated Memory ৰ concept আৰম্ভ কৰিছিল ৷ এই মডেলৰ
আৰ্হিলৈয়ে আজিকালিৰ কম্পিউটাৰৰ design
কৰা হৈছে ৷ সেইবাবেই এখেতৰ অবদান সকলোতকৈ বেছি ৷ আনহাতে
তাৰবাবেই এখেতক কম্পিউটাৰৰ জনক বা পিতৃ বুলি জনা যায় ৷
কম্পিউটাৰৰ পৰিভাষা
যিকোনো
আধুনিক digital কম্পিউটাৰৰ বহুতো components আছে ৷ কিন্তু ইয়াৰ
ভিতৰত কিছুমান বহুত মহত্ত্বপূৰ্ণ হয় ৷ যেনে Input device, Output Device, CPU (Central Processing Unit),
Mass Storage Device আৰু Memory.
accepts data - Input
processes data - Processing
produces output - Output
stores results - Storage
কম্পিউটাৰে কেনেকৈ কাম কৰে ?
Input (Data): Input হল সেইটো step যত Raw Information ক Input Device ৰ ব্যৱহাৰ কৰি
কম্পিউটাৰৰ ভিতৰত সোমাই দিয়া হয় ৷ ই কোনো letter, ছবি (picture)
বা কোনো video
হব পাৰে ৷
Process : Process কৰা সময়ত input কৰা হোৱা data সমূহক নিৰ্দেশ (instruction) অনুসৰি processing কৰা হয় ৷ ই
সম্পূৰ্ণৰূপত আভ্যন্তৰীণ প্ৰক্ৰিয়া (internal
process) হয় ৷
Output: Output ৰ সময়ত যিবোৰ data আগেয়ে process হৈ থাকে বা হৈছে
তাক result ৰ ৰূপত দেখুওৱা (show) হয় ৷ আনহাতে যদি
আমি বিচাৰো এই result সমূহ save কৰি Memory ত ৰাখিবয়ো পাৰো
ভবিষ্যতে ব্যৱহাৰ কৰিবৰ বাবেই ৷
কম্পিউটাৰৰ মুখ্য ভাগ (unit) সমূহৰ নামাংকন কৰা চিত্ৰ
যদি
আপুনি কেতিয়াবা কোনো কম্পিউটাৰ case
ৰ ভিতৰৰ অংশ দেখা পাইছে তেতিয়াহলে আপুনি নিশ্চয় গম পাইছে যে
কম্পিউটাৰৰ ভিতৰত সৰু সৰু বহুতো components
থাকে ৷ সেইবোৰ দেখিবলৈ বহু complicated হয় ৷ কিন্তু
দৰাচলতে সেইবোৰ ইমান complicated নহয় ৷ এতিয়া মই এই
সকলোবোৰ components ৰ বিষয়ে আপোনালোকক
অবগত কৰাম ৷
Motherboard
যিকোনো
কম্পিউটাৰৰ মুখ্য circuit
board ক Motherboard
বুলি কোৱা হয় ৷ ইয়াক দেখিবলৈ এখন পাতল প্লেটৰ দৰে হয় ৷ কিন্তু
ই বহুতো বস্তুক ধাৰণ কৰি থাকে ৷ যেনে CPU হল Memory,
Connectors hard drive আৰু Optical
Drive ৰ বাবে ,
expansion card ভিডিঅ আৰু Audio
ক control
কৰাৰ বাবে ,
লগতে কম্পিউটাৰৰ সকলো ports ক connection কৰাৰ বাবে ৷ চাবলৈ
গলে Motherboard খন কম্পিউটাৰৰ সকলো
parts ৰ লগত
প্ৰত্যক্ষভাবে হওক বা পৰোক্ষভাৱে সংলগ্ন হৈ থাকে ৷
CPU/Processor
আপুনি
জানেনে Central
Processing Unit বা CPU কি হয় ? ইয়াক কম্পিউটাৰ Case ৰ ভিতৰত Motherboard ত পোৱা যায় ৷ ইয়াক
কম্পিউটাৰৰ মগজু বুলিও কোৱা হয় ৷ ই সকলো কম্পিউটাৰৰ ভিতৰত থাকিয়ে কম্পিউটাৰৰ সকলো
গতিবিধিৰ ওপৰত নজৰ ৰাখে ৷ যিমানেই বেছি এটা processor ৰ speed হব,
সিমানেই সোনকালে ই processing কৰিব পাৰিব ৷
RAM
RAM ক আমি Random Access Memory ৰ নামেৰে জানো ৷ ই
কম্পিউটাৰ system ৰ Short Term Memory হয় ৷ যেতিয়াই
কম্পিউটাৰে যিকোনো calculation
কৰে তেতিয়া কম্পিউটাৰে temporarily সেই result ক RAM ত save কৰি দিয়ে ৷ যদি
কম্পিউটাৰ বন্ধ হৈ যায় তেতিয়াহলে সেই ডাটা সমূহো হেৰাই যায় ৷ যদি আমি কম্পিউটাৰত
কিবা document লিখি আছো, তাক নষ্ট হোৱাৰ পৰা
বচাবলৈ হলে আমি মাজে মাজে আমাৰ ডাটা সমূহক save কৰি থাকিব লাগিব ৷ Save কৰাৰ লগে লগে ডাটা সমূহ Hard Drive ত save হৈ যায় আৰু বহু
দিনলৈ ই থাকি যায় ৷
RAM আমি megabytes (MB) বা gigabytes (GB) ৰ ৰূপতো পাও ৷
যিমান বেছি RAM হব সিমানেই আমাৰ
বাবে সুবিধাজনক হব ৷
Hard Drive
Hard Drive হল সেইটো component যত software , documents আৰু অন্য file সমূহ save কৰা হয় ৷ ইয়াত ডাটা
সমূহ বহু সময়লৈকে store
হৈ থাকে ৷
Power Supply Unit
Power Supply Unit ৰ কাম হল Main Power Supply(বিদ্যুত পৰিৱাহিত
কৰা) ৰ দ্বাৰা Power (বিদ্যুত) লৈ
প্ৰয়োজন অনুসৰি অন্যান্য components
সমূহক যোগান ধৰা ৷
Expansion Card
প্ৰত্যেক
কম্পিউটাৰতে Expansion
Slots থাকে ৷ যত আমি ভবিষ্যতে আমাৰ প্ৰয়োজন অনুসৰি কোনো expansion Card ক Add (সংলগ্ন) কৰিব পাৰো
৷ ইয়াক PCI (Peripheral
Components Interconnect) Card বুলিও কোৱা হয় ৷ কিন্তু আজিকালি Motherboard ত বহুতো slots আগতিয়াকৈ সংলগ্নহৈ
আহে ৷ কিছুমান Expansion
Card ৰ নাম তলত দিয়া হল , যিবোৰ আগৰ সময়ত
কম্পিউটাৰক update কৰাৰ বাবে ব্যৱহাৰ
কৰিব পাৰি ৷
Video Card
Sound Card
Network Card
Bluetooth Card (Adapter)
NOTE- যদি আপুনি কেতিয়াবা COMPUTER ৰ ভিতৰৰ অংশ খোলে , তেতিয়াহলে সৰ্বপ্ৰথমে মুখ্য SOCKET ৰ পৰা PLUG টো উলিয়াই লব ৷
কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰ
Computer hardware ক আমি physical device বুলি কব পাৰো ৷ যাক
আমি আমাৰ কম্পিউটাৰত ব্যৱহাৰ কৰো ৷ আনহাতে computer software মানে হল code সমূহৰ collection. যাক আমি কম্পিউটাৰত
Hard Drive ত install কৰো hardware ক চলাবৰ বাবেই ৷
উদাহৰণস্বৰূপে
কম্পিউটাৰ মনিটৰৰ কথা লব পাৰো ৷ যাক আমি পঢ়িবৰ বাবে বা display ৰ বাবে ব্যৱহাৰ কৰো, Mouse যাক আমি Navigate কৰাৰ বাবে ব্যৱহাৰ
কৰো, এই সকলোবোৰ Computer Hardware হয় ৷ আনহাতে Internet Browser যাৰ দ্বাৰা আমি website visit কৰো , আৰু Operating System যত Internet Browser run হয় ৷ এইবোৰক আমি Software বুলি কও ৷
গতিকে
আমি কব পাৰো যে এটা কম্পিউটাৰ Software
আৰু Hardware
ৰ সংমিশ্ৰিত ফল ৷ দুয়োটাৰে ভূমিকা একে সমানৰ ৷ দুয়োটাই
একেলগে লগ লাগিহে কোনো কাম কৰিব পাৰে ৷
কম্পিউটাৰৰ প্ৰকাৰ - Types of Computer in Assamese
যেতিয়াই
আমি কম্পিউটাৰ শব্দটো শুনো আমাৰ মনত কেৱল মাত্ৰ Personal কম্পিউটাৰৰ ছবিখন
ভাহি আহে ৷ মই আপোনালোকক কও যে কম্পিউটাৰ বহু প্ৰকাৰৰ আছে ৷ বিভিন্ন Shapes আৰু Size ত ই উপলব্ধ ৷ আমাৰ
প্ৰয়োজন অনুসৰি আমি ইয়াক ব্যৱহাৰ কৰো ৷ যেনে ATM পইচা উলিয়াবৰ বাবেই
, Scanner যিকোনো Barcode স্কেন কৰাৰ বাবে , Calculator কোনো জটিল অংক কৰাৰ
বাবে ৷ এই সকলোবোৰ বিভিন্ন প্ৰকাৰৰ কম্পিউটাৰ হয় ৷
1. Desktop
বহু
লোকে Desktop কম্পিউটাৰৰ ব্যৱহাৰ
নিজৰ ঘৰত , বিদ্যালয়ত আৰু নিজৰ
ব্যক্তিগত কামৰ বাবেই ব্যৱহাৰ কৰে ৷ ইয়াৰ design এনেকুৱা ধৰণেৰে কৰা হৈছে যে আমি ইয়াক (Desk)মেজৰ ওপৰত ৰাখিব
পাৰো ৷ ইয়াৰ বিভিন্ন প্ৰকাৰৰ Parts
থাকে ৷ যেনে Monitor
,Keyboard , Mouse , কম্পিউটাৰ Case.
2. Laptop
Laptop ৰ বিষয়ে আপোনালোকে
আগতে জানে হবলা ৷ যি Battery
Power ত চলে ৷ ই বহু বেছি portable (যলৈ-তলৈকে নিব পৰা ) হয় ৷
3. Tablet
Tablet ক আমি Handheld কম্পিউটাৰ বুলিও কব
পাৰো ৷ কিয়নো ইয়াক অতি সহজে আমি হাতত তুলিলৈ কাম কৰিব পাৰো ৷
ইয়াত
Keyboard আৰু Mouse নাথাকে , মাত্ৰ এখন touch Sensitive স্ক্ৰীণ থাকে, যাক আমি typing আৰু navigation ৰ বাবেই ব্যৱহাৰ
কৰো ৷ উদাহৰণ - iPAD.
4. Servers
এটা
Server এনেকুৱা এটা
কম্পিউটাৰ হয় ,যাক আমি Information ৰ আদান প্ৰদান কৰাৰ
বাবেই ব্যৱহাৰ কৰো ৷ উদাহৰণ স্বৰূপে যেতিয়া আমি কোনো বস্তু Internet ত বিচাৰো , সেই সকলোবোৰ বস্তু Server তে store (জমা) হৈ থাকে ৷
অন্য প্ৰকাৰৰ কম্পিউটাৰ (Other types of Computer)
এতিয়া
জানো আহক অন্য প্ৰকাৰৰ কম্পিউটাৰনো কি হয়
৷
Smartphone : যেতিয়া এটা সাধাৰণ cell phone ত ইন্টাৰনেট সংলগ্ন
হৈ যায় তেতিয়া আমি ইন্টাৰনেটৰ ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ কাম কৰিব পাৰো ৷ তেতিয়া
এনেকুৱা cell phone ক smartphone বুলি কোৱা হয় ৷
Wearable ( পিন্ধিব পৰা ) :
পিন্ধিব পৰা উপকৰণৰ ভিতৰত fitness
trackers( ফিটনেছ ট্ৰেকৰ্চ) আৰু স্মাৰ্ট ঘড়ী (smart watch) আদিৰ কথা কব পাৰি ৷
এই উপকৰণ সমূহক এনেকুৱা ধৰণে design
কৰা হৈছে যাৰ দ্বাৰা ইয়াক আমি সম্পূৰ্ণ দিনটো পিন্ধি থাকিব
পাৰো ৷
Game Control : এই game control য়ো একপ্ৰকাৰৰ এটা
কম্পিউটাৰ ৷ যাৰ ব্যৱহাৰ TV
ত game
খেলাৰ বাবে কৰা হয় ৷
TV : দূৰদৰ্শনয়ো এক
প্ৰকাৰৰ কম্পিউটাৰ হয় ৷ যত বিভিন্ন প্ৰকাৰৰ Apps উপলব্ধ ,
যাৰ বাবে ইয়াক smart TV বুলিও কোৱা হয় ৷ এতিয়া আপুনি TV ত ইন্টাৰনেটৰ
সংযোজন কৰি video চাব পাৰে ৷
কম্পিউটাৰৰ ব্যৱহাৰ -(Application of Computer in Assamese)
কম্পিউটাৰৰ
ব্যৱহাৰ কত কত হয়? চাবলৈ গলে আমি আমাৰ
জীৱনত সকলো ঠাইতে কম্পিউটাৰৰ ব্যৱহাৰ কৰি আহিছো আৰু কৰি থাকিম ৷ ই আমাৰ জীৱনৰ এটা
অংগ হৈ পৰিছে ৷ আপোনালোকক জনাবৰ বাবে মই ইয়াৰ কিছুমান ব্যৱহাৰৰ বিষয়ে তলত উল্লেখ
কৰিছো ৷
শিক্ষাৰ
ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰ : শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰে বহু অৰিহণা যোগাইছে ৷
যদি কোনো এজন শিক্ষাৰ্থীয়ে কোনো বিষয়ৰ বিষয়ে জানিব বিচাৰে তেন্তে কম্পিউটাৰৰ সহায়ত
কেইমিনিটমানৰ ভিতৰতে উপলব্ধ হৈ যায় ৷ এটা সমীক্ষাৰ পৰা গম পোৱা গৈছে যে কম্পিউটাৰৰ
ব্যৱহাৰৰ ফলত শিক্ষাৰ্থীৰ শিকন দক্ষতা বহু পৰিমাণে বৃদ্ধি পাইছে ৷ আজিকালিতো ঘৰত
বহিয়েই Online Class ৰ সহায়ত পঢ়িব পৰা
হৈছে ৷
Health and Medicine : স্বাস্থ্য আৰু ঔষধৰ
বাবে কম্পিউটাৰ এটা বৰদান ৷ ইয়াৰ সহায়ত ৰুগীৰ চিকিৎসা অতি সহজ হৈ পৰিছে ৷ আজিকালি
সকলো ক্ষেত্ৰতে digital হৈ গৈছে , যাৰ বাবে অতি সহজে
ৰোগৰ বিষয়ে গম পাব পাৰি আৰু সেই ৰোগ
হিচাপে চিকিৎসা কৰা সম্ভৱ হৈ পৰিছে ৷ ইয়াৰ দ্বাৰা operation কৰায়ো সহজহৈ পৰিছে
৷
বিজ্ঞানৰ
ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰ : কম্পিউটাৰ হল বিজ্ঞানৰে এটা বৰদান ৷ কম্পিউটাৰৰ
সহায়ত সমীক্ষা (research)
কৰাত বহুত সুবিধা হয় ৷ আজিকালি এটা নতুন ট্ৰেণ্ড (trend) চলিছে যাক Collaboration বুলি কোৱা হয় ,যাৰ দ্বাৰা বিশ্বৰ
সকলো বিজ্ঞানী লগ লাগি কাম কৰিব পাৰে ৷
Business : ব্যবসায় ক্ষেত্ৰতো
কম্পিউটাৰৰ প্ৰভাব আছে ৷ Productivity
আৰু competitiveness
বঢ়োৱাৰ বাবে বহুত সহায় কৰে ৷ মুখ্যৰূপত ইয়াৰ ব্যৱহাৰ Marketing , Retailing , Banking , Stock
Trading আদিত হয় ৷ সকলো ক্ষেত্ৰতে digital হোৱাৰ বাবে ইয়াৰ processing বহু বেগী হৈ গৈছে ৷
আনহাতে আজিকালি Cashless
Transaction ৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া হৈছে ৷
Recreation and
Entertainment : মনোৰঞ্জনৰ বাবেই ই এটা নতুন আহিলা হৈ পৰিছে ৷ Movies , Sports বা restaurants আদি সকলো ঠাইতে
ইয়াৰ ব্যৱহাৰ হোৱা দেখা যায় ৷
Government : আজিকালিতো Government এ ইয়াৰ ব্যৱহাৰৰ
ওপৰত বহু পৰিমাণে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ Traffic , Tourism , Information and
Broadcasting , Education , Aviation আদি সকলো ঠাইতে
কম্পিউটাৰৰ ব্যৱহাৰে আমাৰ কাম সমূহ অতি সহজ কৰি পেলাইছে ৷
Defence : প্ৰতিৰক্ষাৰ
ক্ষেত্ৰতো কম্পিউটাৰৰ ব্যৱহাৰ বহু তুলনামূলকভাৱে বাঢ়ি গৈছে ৷ যাৰ সহায়ত আমাৰ
সেনাবাহিনী আৰু অধিক শক্তিশালী হৈছে ৷ কিয়নো আজিকালি সকলো বস্তুৱে কম্পিউটাৰৰ
সহায়ত control কৰা হয় ৷
এনেদৰেই
বহু ঠাইত আমাৰ প্ৰয়োজন অনুসৰি কম্পিউটাৰৰ ব্যৱহাৰ কৰা হয় ৷
কম্পিউটাৰৰ পৰা আমাৰ লাভ
এইটো
কবলৈ গলে নিশ্চয় ভূল নহব যে কম্পিউটাৰে নিজৰ অসাধাৰণ গতি (speed) , Accuracy আৰু Storage ৰ সহায়ত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী অতি
সহজ কৰি পেলাইছে ৷
ইয়াৰ
সহায়ত মানুহে যেতিয়াই বিচাৰে তেতিয়াই অতিসহজে
যিকোনো Save কৰিব পাৰে আৰু
যিকোনো বিচাৰিব (search)
পাৰে ৷
আমি
কব পাৰো যে কম্পিউটাৰ এটা বহুমুখী (Versatile machine) মেচিন হয় ৷ কিয়নো ই
বহুত flexible (নমনীয়) হয় আমাৰ কাম
সমূহ কৰাৰ বাবে ৷
ইয়াৰ
কিছুমান advantage আৰু disadvantage ও আছে ৷
আহক
এইবোৰৰ বিষয়ে আমি জানি লও ৷
Multitasking
Multitasking কম্পিউটাৰৰ এটা
ডাঙৰ advantage (ভাল দিশ) হয় ৷
ইয়াত
বহুলোকে অতি সহজেই multiple
task, multiple operation, numerical problem আদি calculate কৰি পাৰে কেই
ছেকেণ্ড মানৰ ভিতৰত ৷
কম্পিউটাৰে
অতি সহজে trillion of
institutions প্ৰতি ছেকেণ্ডত calculate কৰিব পাৰে ৷
Speed
কম্পিউটাৰ
এতিয়া কেৱল মাত্ৰ calculating
device এ হৈ থকা নাই ৷
এতিয়া
ই আমাৰ জীৱনৰ এটা মহত্ত্বপূৰ্ণ অংশহৈ পৰিছে ৷
ইয়াৰ
বহুত ডাঙৰ ভাল (advantage)
দিশ হল ইয়াৰ high
speed , যিয়ে ইয়াক অতি কম সময়ৰ ভিতৰতে task সমূহ সম্পন্ন কৰাত
সহায় কৰে ৷
ইয়াত
প্ৰায় সকলো operations অতিশীঘ্ৰে কৰিব পৰা
যায় ,অন্যথা এইবোৰ কৰাৰ
বাবে আমাক বহু সময়ৰ প্ৰয়োজন হলেহৈ ৷
Stores/ Cost
ইয়াত
বহু লোকে বহু পৰিমাণে ডাটা কম বাজেটত save কৰিব পাৰে ৷ Centralized
database ৰ ব্যৱহাৰ কৰি বহু high quality (উচ্চ মানদণ্ডৰ) ৰ information ক store বা জমা কৰিব পাৰি ৷
যাৰ দ্বাৰা দাম (cost) বহু ক্ষেত্ৰলৈ কমাব
পাৰি ৷
Accuracy (শুদ্ধতা)
কম্পিউটাৰ
calculation ৰ ক্ষেত্ৰত বহুত accurate হয় ৷ ইয়াত ভূল
হোৱাৰ সম্ভাৱনা নথকাৰ দৰেই ৷
Data Security
Digital Data সমূহক সুৰক্ষিত (protect) কৰাকে Data Security বুলি কোৱা হয় ৷
কম্পিউটাৰে আমাৰ digital
data সমূহক unauthorized
users ৰ পৰা যেনে cyber
attack ৰ পৰা বা access
attack ৰ পৰা ৰক্ষা কৰে ৷
কম্পিউটাৰৰ বেয়া দিশ
এতিয়া
বলক কম্পিউটাৰৰ কিছুমান disadvantage
(বেয়া দিশ) ৰ বিষয়ে জানো আহক ৷
Virus আৰু Hacking Attack
Virus এক destructive program হয় আৰু hacking সেই unauthorized access ক কোৱা হয় , যত আমি hacking কৰা জনৰ বিষয়ে গম
নাপাও ৷
এই
virus (ভাইৰাছ) সমূহক অতি
সহজে email attachment ৰ দ্বাৰা বিলাই
দিয়া হয় ৷ কেতিয়াবা কেতিয়াবা USB
ৰ দ্বাৰা বা কোনো infected websites ৰ দ্বাৰা ইয়াক
আপোনাৰ কম্পিউটাৰত সোমোৱাই দিয়া হয় ৷
যদি
এবাৰ আপোনাৰ কম্পিউটাৰত এই virus
আহি যায় ,
আপোনাৰ কম্পিউটাৰ বৰ্বাদ কৰি দিব পাৰে ৷
Online Cyber Crime
এই
Online Cyber Crime কৰাৰ বাবে computer আৰু Network ৰ ব্যৱহাৰ কৰা হয় ৷
আনহাতে Cyber stalking আৰু Identity theft য়ো এই online cyber crime ৰ ভিতৰতে পৰে ৷
কম্পিউটাৰে একেলগে বহুতো কাম কৰিবলৈ সক্ষম হোৱা বাবে নিয়োগৰ ক্ষেত্ৰতো বাধা আহি পৰিছে ৷ কম্পিউটাৰে বহু লোকৰ কাম অকলে কৰা বাবে নিবনুৱাৰ সমস্যা বাঢ়ি গৈছে ৷
আজিকালি banking sector আদিকে ধৰি government sectors আদি সকলোতে মানুহতকৈ কম্পিউটাৰক বেছি প্ৰাধান্য দিয়া দেখা গৈছে ৷ সেইবাবে দিনক দিনে নিবনুৱা সমস্যা বাঢ়ি গৈছে ৷
দিনক দিনে কম্পিউটাৰক আৰু বেছি আধুনিকিকৰণ কৰি থকা হৈ আছে ৷ যাৰ ফলত ই আৰু অধিক সস্তীয়া, ভাল performance দিব পৰা আৰু অধিক কাৰ্যক্ষম হৈ গৈ আছে ৷ মানুহৰ যিমানে প্ৰয়োজনীয়তা বাঢ়ি গৈ থাকিব সিমানেই কম্পিউটাৰৰ ক্ষেত্ৰত সলনি দেখা পোৱা যাব ৷ প্ৰথম অবস্থাত কম্পিউটাৰ এটা ঘৰৰ আকাৰৰ সমান আছিল , কিন্তু এতিয়া ই আমাৰ হাতৰ তলুৱাত আহি গল ৷
এদিন এনেকুৱা সময় আহিব যত আমি কম্পিউটাৰক আমাৰ মনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰিম ৷ আজিকালি Scientists Optical Computer, DNA Computer , Neural Computer আৰু Quantum Computer ৰ ওপৰত research কৰি থকা হৈছে ৷ ইয়াৰ লগতে Artificial Intelligence ৰ ওপৰো বহু বেছি ধ্যান দিয়া হৈছে ৷ যাৰ জৰিয়তে কম্পিউটাৰে নিজে নিজে নিজৰ কাম সূচাৰু ৰূপে কৰিব পাৰে ৷
এতিয়ালৈকে আপুনি কম্পিউটাৰৰ আৰম্ভনিৰ বিষয়ে অসমীয়াত জানিবলৈ পালে ৷ মই আশা কৰিছোঁ যে আপোনালোকক কম্পিউটাৰ কি হয় (What is Computer in Assamese ) আৰু কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আগবঢ়ালো ৷ আশা কৰিছো যে আপোনালোকে কম্পিউটাৰ Technology ৰ বিষয়ে বুজি পাইছে ৷
কম্পিউটাৰ কাক কয় ইয়াৰ উত্তৰ আপুনি অতি সহজে কোনো বাধা নোহোৱাকৈ দিব পাৰিব ৷ আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ যাৰ ফলত আমাৰ মাজত সজাগতাৰ সৃষ্টি হব আৰু সকলোৱে লাভান্বিত হব ৷ মোক আপোনালোকৰ সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন , যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম ৷
মোৰ সদায়ে এইটোৱে চেষ্টা যে পাঠক সমাজক যিকোনো প্ৰকাৰৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাবে মোক সুধিব পাৰে ৷
মই সেই প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম আৰু সুধৰনী কৰি লব পাৰিম ৷
Employment opportunity ত বাধা
কম্পিউটাৰে একেলগে বহুতো কাম কৰিবলৈ সক্ষম হোৱা বাবে নিয়োগৰ ক্ষেত্ৰতো বাধা আহি পৰিছে ৷ কম্পিউটাৰে বহু লোকৰ কাম অকলে কৰা বাবে নিবনুৱাৰ সমস্যা বাঢ়ি গৈছে ৷
আজিকালি banking sector আদিকে ধৰি government sectors আদি সকলোতে মানুহতকৈ কম্পিউটাৰক বেছি প্ৰাধান্য দিয়া দেখা গৈছে ৷ সেইবাবে দিনক দিনে নিবনুৱা সমস্যা বাঢ়ি গৈছে ৷
কম্পিউটাৰৰ ভবিষ্যত
দিনক দিনে কম্পিউটাৰক আৰু বেছি আধুনিকিকৰণ কৰি থকা হৈ আছে ৷ যাৰ ফলত ই আৰু অধিক সস্তীয়া, ভাল performance দিব পৰা আৰু অধিক কাৰ্যক্ষম হৈ গৈ আছে ৷ মানুহৰ যিমানে প্ৰয়োজনীয়তা বাঢ়ি গৈ থাকিব সিমানেই কম্পিউটাৰৰ ক্ষেত্ৰত সলনি দেখা পোৱা যাব ৷ প্ৰথম অবস্থাত কম্পিউটাৰ এটা ঘৰৰ আকাৰৰ সমান আছিল , কিন্তু এতিয়া ই আমাৰ হাতৰ তলুৱাত আহি গল ৷
এদিন এনেকুৱা সময় আহিব যত আমি কম্পিউটাৰক আমাৰ মনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰিম ৷ আজিকালি Scientists Optical Computer, DNA Computer , Neural Computer আৰু Quantum Computer ৰ ওপৰত research কৰি থকা হৈছে ৷ ইয়াৰ লগতে Artificial Intelligence ৰ ওপৰো বহু বেছি ধ্যান দিয়া হৈছে ৷ যাৰ জৰিয়তে কম্পিউটাৰে নিজে নিজে নিজৰ কাম সূচাৰু ৰূপে কৰিব পাৰে ৷
আজি আপুনি কি শিকিবলৈ পালে
এতিয়ালৈকে আপুনি কম্পিউটাৰৰ আৰম্ভনিৰ বিষয়ে অসমীয়াত জানিবলৈ পালে ৷ মই আশা কৰিছোঁ যে আপোনালোকক কম্পিউটাৰ কি হয় (What is Computer in Assamese ) আৰু কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আগবঢ়ালো ৷ আশা কৰিছো যে আপোনালোকে কম্পিউটাৰ Technology ৰ বিষয়ে বুজি পাইছে ৷
কম্পিউটাৰ কাক কয় ইয়াৰ উত্তৰ আপুনি অতি সহজে কোনো বাধা নোহোৱাকৈ দিব পাৰিব ৷ আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ যাৰ ফলত আমাৰ মাজত সজাগতাৰ সৃষ্টি হব আৰু সকলোৱে লাভান্বিত হব ৷ মোক আপোনালোকৰ সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন , যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম ৷
মোৰ সদায়ে এইটোৱে চেষ্টা যে পাঠক সমাজক যিকোনো প্ৰকাৰৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাবে মোক সুধিব পাৰে ৷
মই সেই প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম আৰু সুধৰনী কৰি লব পাৰিম ৷
ধন্যবাদ
2 Comments
nice one
ReplyDeleteবাইদেউ আপুনি আমাক কম্পিউটাৰ বিষয়ে বহুত ভাল কৈ বুজাই দিলে।নিশ্চয় আগলৈও এনেকুৱা পোষ্ট পাম বুলি আশা থাকিল।ধন্যবাদ
ReplyDeleteআপোনাক স্বাগতম জনাইছো আপোনাৰ বহুমূলীয়া পৰামৰ্শ আৰু কমেণ্টৰ বাবে.....