One Time Password (OTP) কি ? | What is OTP in Assamese | OTP ৰ ব্যৱহাৰ কিয় কৰা হয় ? | AssameseNe.blogspost.com

OTP ৰ লাভ, OTP কোড কি, OTP মানে কি, ওটিপি কোড কি, OTP code, OTP full meaning, OTP full form, OTP meaning, OTP generator India, OTP ৰ ব্যৱহাৰ কিয় কৰা হয় ?What is OTP in Assamese




One Time Password (OTP) কি ?


আপুনি জানেনে One Time Password অথবা (OTP) কি হয় ? যদি নাজানে, তেন্তে এই Post টো নিশ্চয় পঢ়িব, আজিৰ সময়ত প্ৰায় আমি সকলোৱে নিজৰ সকলো কাম ঘৰত বহি online তে কৰি লওঁ যেনে মোবাইল recharge হওক অথবা shopping, তেনেহলে এই digital পৃথিৱীত আমাৰ security বহুত বেছি অপৰিহাৰ্য্য যাতে আমাৰ personal data আৰু account দুয়োটা অচিনাকি ব্যক্তিৰ পৰা সুৰক্ষিত থাকে ৷



যেতিয়া আমি Net banking ৰ সহায়ত online transaction কৰো মোবাইল recharge কৰাৰ বাবে অথবা কিছুমান সামগ্ৰী কিনাৰ বাবে তেতিয়া সকলো details ভৰোৱাৰ পিছত শেষত এটা code আহে যিটোক আমি OTP বুলি কওঁ ৷ আপোনালোকে OTP ৰ বিষয়ে শুনিছে চাগে আৰু এইটো ব্যৱহাৰো কৰিছে নিশ্চয়, কিন্তু আপুনি জানেনে ইয়াৰ ব্যৱহাৰ কিয় কৰা হয় ? যদি নাজানে তেন্তে কোনো কথা নাই আজিৰ এই লেখনি One Time Password (OTP)  কি হয় তাত জানিব পাৰিব ৷




One Time Password অথবা OTP কি ?


One Time Password (OTP) এটা security code হয় যিটো 6 digit ৰ, যাৰ ব্যৱহাৰ আমি online transaction কৰাৰ সময়ত কৰো ৷


যেতিয়া আমি কোনো e-commerce website ৰ পৰা কিবা সামগ্ৰী কিনো তেতিয়া আমি নিজৰ ATM card ৰে তাৰ Payment কৰো, Payment কৰাৰ সময়ত নিজৰ banking details ভৰোৱাৰ পিছত শেষত এটা security code আপোনাৰ bank ত registered mobile নম্বৰত এটা SMS ৰ ৰূপত যায় যাক আমি OTP বুলি কওঁ ৷


সেই sms টোত এটা code থাকে যিটো ভৰোৱাৰ পিছত হে আমাৰ Payment সফল হয় ইয়াৰ অবিহনে আপুনি online কতো transactions কৰিব নোৱাৰে ৷




OTP ৰ ব্যৱহাৰ কিয় কৰা হয় ?


OTP এক password হয় যি normal password অৰ্থাৎ যি password user য়ে নিজৰ account বনোৱাৰ সময়ত create কৰে তাৰ একেবাৰে বেলেগ আৰু safe হয় ৷ যেনেদৰে যেতিয়া আমি কোনো website ত নিজৰ account বনাও তেতিয়া আমি নিজৰ username আৰু password create কৰো, আমি যি password create কৰো সেইটো বহুত সৰল ৰাখো যেনে আমাৰ নাম অথবা date of birth আদি যাতে আমাৰ সেইটো সহজতে মনত থাকে কিন্তু ইয়াত hackers ৰ পৰা আমাৰ ভয় আছে কিয়নো ইয়ে সহজে আমাৰ password ক hack কৰি আমাৰ details চুৰি কৰিব পাৰে ৷



অথবা এনেকুৱাও হ’ব পাৰে যে কোনো ব্যক্তি যি আপোনাৰ চিনাকি হ’ব পাৰে আৰু যদি তেওঁ আপোনাৰ username আৰু password  জানে তেন্তে তেৱোঁ আপোনাৰ account ৰ অপব্যৱহাৰ কৰিব পাৰে বা সুবিধা ল’ব পাৰে ৷ এইকাৰণে আজিকালি সকলো banks, বহুতো e-commerce website আৰু online recharge কৰা website য়ে OTP ৰ ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছে যাৰ ফলত তেওঁলোকৰ users ৰ account সুৰক্ষিত থাকে ৷ OTP আপোনাৰ account ক safe ৰাখে আৰু আপোনাৰ banking আৰু personal details ক চুৰি হোৱাৰ পৰা ৰক্ষা কৰে ৷



OTP ৰ পৰা কি লাভ হয় ?


OTP ৰে আমাৰ সকলো account যেনে Google account, net banking account, bank account ইত্যাদি সুৰক্ষিত থাকে ৷


OTP ৰ প্ৰধান মহত্ত্ব এই যে ইয়াৰ পৰা যি code generate হয় তাৰ ব্যৱহাৰ কেৱল এক বাৰে কৰিব পাৰি আৰু সেইটো কিছু সময়লৈ হে valid থাকে যদি সেই সময়খিনিৰ ভিতৰত আমি code ৰ ব্যৱহাৰ নকৰো তেতিয়াহ’লে সেইটো code আমাৰ কোনো কামৰ নহয়, অৰ্থাৎ আমি যিমান বাৰ online transaction কৰো সিমান বাৰ এই code বেলেগ বেলেগ generate হয় যাৰ ফলত আমাৰ account সম্পূৰ্ণৰূপে secure হৈ থাকে ৷



যদি আপোনাৰ কোনো account ৰ username আৰু password কোনো অন্য ব্যক্তিয়ে জানে তেতিয়াও তেওঁ আপোনাৰ account ৰ ব্যৱহাৰ কৰিব নোৱাৰিব কিয়নো তাৰ কাৰণে OTP ৰ প্ৰয়োজন হ’ব যিটো কেবল আপোনাৰ registered mobile নম্বৰত অথবা আপোনাৰ email id ত আহিব ইয়াৰ অবিহনে তেওঁ আপোনাৰ account ৰ অপব্যৱহাৰ কৰিব নোৱাৰিব ৷



OTP ৰ ব্যৱহাৰ ক’ত ক’ত কৰা হয় ?


OTP ৰ ব্যৱহাৰ সকলোতকৈ বেছি net banking ত online transaction ৰ বাবে কৰা হয়, ইয়াৰ বাহিৰে Google য়েও users ৰ account ক অধিক সুৰক্ষিত কৰিবৰ বাবে OTP security ৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিছে ৷


যিটো activate কৰাৰ পিছত কোনো অন্য user য়ে নিজৰ device ৰে আপোনাৰ account ৰ details ভৰাই login কৰিব নোৱাৰে কিয়নো Google য়ে তাত verification কৰাৰ বাবে OTP password বিচাৰিব যিটো কেৱল আপোনাৰ তাত sms ৰ যোগেদি আপোনাৰ মোবাইল নম্বৰত OTP code আহিব ৷


এইটো code ৰ অবিহনে সেই user য়ে আপোনাৰ account ক access কৰিব নোৱাৰিব ৷ সকলো e-commerce website যেনে Amazon, Flipkart, Snapdeal, eBay ইত্যাদি আৰু digital wallet ৰ সেৱা প্ৰদান কৰা online private companies যেনে Paytm, Freecharge, mobikwik, oxigen wallet ইত্যাদি এই সকলোৱেও নিজৰ customers ৰ account ক সুৰক্ষিত ৰখাৰ বাবে OTP ৰ ব্যৱহাৰ কৰে ৷



OTP ৰ লাভ -- Advantages of OTP.


আহক এতিয়া জানি ল’ও OTP ৰ কি কি লাভ আছে ৷


সুৰক্ষা অথবা Security ক বঢ়োৱাৰ বাবে- এইটো এক প্ৰকাৰৰ সুৰক্ষা কোড হয় ৷ এয়া এইকাৰণেই কিয়নো এইটো user ৰ এটা সুৰক্ষা কবচ হয় ৷ ইয়াৰ লগতে ইয়ে password চুৰি হোৱাৰ পিছতো user ৰ account ক সুৰক্ষিত ৰাখে ৷ কিয়নো OTP ক enter নকৰাকৈ কোনো অন্য ব্যক্তি ইয়াক access কৰিব নোৱাৰে ৷



User ৰ প্ৰমাণিকৰণ- ইয়াৰ দ্বাৰা বাস্তবিক user ৰ প্ৰমাণিকৰণ হৈ যায় ৷ এয়া এইকাৰণেই কিয়নো OTP কেবল User ৰ registered mobile নম্বৰত হে যায় ৷ যদি প্ৰকৃত users য়ে নিজৰ account ৰ মাধ্যমেৰে কিবা গতিবিধি কৰি আছে ৷ যেনে password সলনি কৰা, মোবাইল নম্বৰ আপডেট কৰা আদি তেতিয়া এওঁৰ প্ৰমাণিকৰণৰ বাবে system users ৰ দ্বাৰা নিৰ্বাচিত কৰা পদ্ধতি অনুসৰি তেওঁক OTP পঠাই ৷ ইয়াক enter কৰাৰ পিছতহে actions ক valid বুলি জনা যায় ৷



Spamming ৰ পৰা ৰক্ষা- যেতিয়া আমি অনলাইন পইচাৰ লেন-দেন কৰো তেতিয়া বেংক গ্ৰাহক (passbook holder) ৰ পৰা অনুমতি লোৱাৰ বাবে OTP পঠাই ৷ যাতে প্ৰকৃত গ্ৰাহকজন চিনাক্ত হয় ৷ ইয়াৰ ফলত আমি প্ৰবঞ্চকৰ পৰা বাচিব পাৰো বা প্ৰবঞ্চনাৰ পৰা ৰক্ষা পৰিব পাৰো ৷আৰু বিত্তীয় লেন-দেন (financial transaction) তে ইয়াৰ বেছি ব্যৱহাৰ কৰা যায় ৷



Double Security Enable কৰিব পাৰি- আমি OTP ৰ দ্বাৰা নিজৰ Account অথবা Social media account ( facebook, WhatsApp, twitter, google ইত্যাদি ) ত OTP Double Security enable কৰিব পাৰো ৷ আৰু ইয়াৰ দ্বাৰা ইয়াক বেছি সুৰক্ষিত কৰিব পাৰি ৷ যাতে কোনো অন্য users য়ে তাক access কৰিব নোৱাৰে ৷



Free- ই সম্পূৰ্ণৰূপে free হয় ৷ ইয়াৰ বাবে users য়ে কোনো অতিৰিক্ত fees দিব নালাগে ৷ OTP ৰে Original users ৰ পৰিচয় ছেকেণ্ডত চিনাক্ত হয় ৷




আজি আপুনি কি শিকিলে?


মই আশা কৰিছোঁ আপোনালোকে মোৰ এই লেখনি One Time Password (OTP) কি হয় নিশ্চয় পচন্দ কৰিছে ৷ মোৰ সদায় এইটোয়েই চেষ্টা যে readers ক OTP ৰ বিষয়ে সম্পূৰ্ণ তথ্যপাতি প্ৰদান কৰা যাওক ৷ যাৰ দ্বাৰা আপুনি কোনো অন্য sites অথবা internet ত সেই article সন্দৰ্ভত বিচৰাৰ প্ৰয়োজন নাথাকে ৷



ইয়াৰ ফলত  সময়ৰ ৰাহি হ’ব আৰু এই বিষয়টো সম্বন্ধে  সকলো information ইয়াতে পাব, যদি আপোনাৰ মনত এই article টোক লৈ কিবা doubts আছে অথবা আপুনি বিচাৰে যে ইয়াত কিবা শুধৰণি হ’ব লাগে তেনেহ’লে ইয়াৰ বাবে আপুনি Comments লিখিব পাৰে ৷



ধন্যবাদ

Post a Comment

0 Comments